কল্পনা চাওলাৰ পিছত এই প্ৰথম মহাকাশলৈ যাবলৈ সাজু হৈছে ভাৰতৰ কন্যা চিৰিছা বান্দলা

চিৰিছা বান্দলা

এমাজনৰ জেফ বেজোছৰ পূৰ্বে ভার্জিন গেলেকটিকৰ ৰিচার্ড ব্রেনচনে ঘোষণা কৰিছিলে যে মহাকাশত প্রথম যাত্রা কৰাৰ কথা। এইবাৰ ৰিচার্ড ব্রেনচনৰ সৈতে মহাকাশলৈ যাত্রা কৰিব এক ভাৰতীয় কন্যা। পাঁচ জন যাত্রীৰ ভিতৰত থাকিব চৰকাৰী বিষয়া আৰু সংস্থাৰ গৱেষণা কার্যক্রমৰ সহ-সভাপতি চিৰিছা বান্দলা।

অন্ধ্রপ্রদেশৰ গুন্টুৰ জিলাত জন্ম গ্রহণ কৰা চিৰিছা দ্বিতীয় ভাাতীয় মহিলা যি কল্পনা চাওলাৰ পিছত মহাকাশলৈ যাবলৈ সাজু হৈছে। কলম্বিয়াৰ দুর্ঘটনাৰ পিছত মহাকাশলৈ এই প্রথম ভাৰতীয় মহিলা হিচাপে চিৰিছা যাব। চিৰিছা ২০১৫ চনত ভার্জিন গেলেকটিক-ত চৰকাৰী বিষয়ৰ ব্যৱস্থাপক হিচাপে যোগদান কৰিছিল।

Your Comments