দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নাগৰিকত্ব (সংশোধনী)আইন চমুকৈ 'কা' বাতিলৰ দাবীত আছুৰ আহ্বান মৰ্মে ১২ ডিচেম্বৰত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী শ্বহীদ ভৱন বাকৰিত 'গণহুংকাৰ' কাৰ্যসূচী ৰূপায়ণ কৰা হয়।শংখ,কাঁঁহ,ডবা,মৃদংগ,খোল,তাল আদি বজাই ছাত্ৰ কৰ্মীসকলে ৰজনজনাই তোলে শ্বহীদ ভৱন বাকৰি।
কেইবাশতাধিক ছাত্ৰ কৰ্মীয়ে 'কা' আমি নামানো,সৰ্বানন্দ সোণোৱাল হুচিয়াৰ,নৰেন্দ্ৰ মোডী হুচিয়াৰ,খিলঞ্জীয়া বিৰোধী চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।লগতে এটা বিশাল সমদল উলিয়াই নলবাৰী চহৰৰ মাজেৰে।এই কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আৰু আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদেও অংশগ্ৰহণ কৰে।
- Log in to post comments
- 6 views