দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলৈৰ তৎপৰতাত সমগ্ৰ ৰাজ্যখনতে পঞ্চায়তৰ কাম -কাজ ক্ষিপ্ৰতাৰে আৰম্ভণি হোৱাৰ সময়তে ঘগ্ৰাপাৰৰ গাঁও পঞ্চায়ততো ইতিমধ্যে বিভিন্ন গ্ৰামাঞ্চলত উন্নয়নৰ কামৰ আৰম্ভণি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ অধীনষ্ঠ বৰজাৱৰিহাটী গাঁৱৰ ৰাজহুৱা কবৰস্থানলৈ যোৱা পথটোৰ নিৰ্মাণ-কাৰ্যৰ ১১ ডিচেম্বৰত শুভাৰম্ভ কৰাত দীৰ্ঘদিনীয়া সমস্যা এটাৰ অন্ত পৰা বুলি গাঁওবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।কিছু বছৰ পূৰ্বে উক্ত পথটো বানপানীয়ে ছিগি নিয়াৰ ফলত যাতায়ত বিনষ্ট হৈ আছে ৷ গাঁওবাসীয়ে বিগত সময় চোৱাত বিধায়ক পৰ্যায়ৰ,জিলা পৰিষদ পৰ্যায়ৰ অথবা পঞ্চায়ত পৰ্যায়ৰ প্ৰতিনিধিসকলক বছৰ বছৰ ধৰি আবেদন-নিবেদন কৰিও কোনো ধৰণৰ সুফল পাবলৈ সক্ষম হোৱা নাছিল ৷ দীৰ্ঘদিনীয়া সমস্যাটো অন্ত পেলাই ১৩ নং ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনেশ্বৰ ভড়ালীয়ে ১১ ডিচেম্বৰত বৰজাৱৰিহাটী গাঁৱৰ কবৰস্থানলৈ যোৱা পথটো এম জি এনৰেগা আঁচনিৰ জড়িয়তে ৫ লাখ ৮৬ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে ৷
- Log in to post comments
- 10 views