বঙাইগাঁৱৰ প্ৰতিবেদক,১০ ডিচেম্বৰঃ
সমগ্ৰ ৰাজ্যৰ লগতে আজি বঙাইগাঁৱতো অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি 'আছু'য়ে শ্বহীদ দিৱস পালন কৰে ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চহৰখনৰ বৰপাৰাস্থিত শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্সূচীৰে পালন কৰা শ্বহীদ দিৱস উপলক্ষে পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়ে।ইয়াৰ পিচতে শ্বহীদ তৰ্পণ কৰে শ্বহীদ নৱ কুমাৰ ৰায়ৰ ভাতৃ বুদ্ধদেৱ ৰায়ে ৷ আনহাতে, বন্তি প্ৰজ্বলন কৰে আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জগদ্বীশ ৰায়ে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাগৱত পাঠ আৰু আইসকলৰ দ্বাৰা নাম - প্ৰসংগও অনুষ্ঠিতকৰা হয় ৷
শ্বহীদ দিৱসৰ অনুষ্ঠানত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথ ,সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধুৰী , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায়,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিলোৎপল চক্ৰৱৰ্তী , বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নৃপেন ৰায় আদিকে ধৰি বিষয়ববীয়া আৰু আছু কৰ্মীসকল উপস্থিত থাকে ৷ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ - ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ আনহাতে,সন্ধিয়া শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয় ৷ সেইদৰে চিত্ৰাংকণ প্ৰতিযোগিতাৰ বঁটা বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰা হয় ৷ দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ ক শাখাত উদিতা চক্ৰৱৰ্তীয়ে প্ৰথম ,নভলীনা শৰ্মাই দ্বিতীয় আৰু মনমিতা ভকতে তৃতীয় স্থান লাভ কৰে ৷ সেইদৰে 'খ' শাখাত বিভূৰঞ্জন কলিতাই প্ৰথম,জিতুমণি বৰ্মনে দ্বিতীয় আৰু ধৃদ্বীপ চৌধুৰীয়ে তৃতীয় স্থান লাভ কৰে।উল্লেখ্য যে জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক আছুৱেও শ্বহীদ দিৱস পালন কৰে ৷
- Log in to post comments
- 15 views