দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১০ ডিচেম্বৰ:
আজি নলবাৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰণ আৰু নিৰীক্ষণ বিভাগৰ অভিযান।বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰানী বৰ্মনক হাতে-লোটে ধৰিলে দুৰ্নীতি নিবাৰণ আৰু নিৰীক্ষণ বিভাগে।
নলবাৰী জিলাৰ বৰভাগৰ এখন বিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিচন বিচাৰিছিল জ্যোৎস্না ৰানী বৰ্মনে।
৫০ হেজাৰ টকা বিছাৰিচিল পৰিদৰ্শকজনে।
আগধন হিচাপে বিচাৰিছিল আজি ১৫ হেজাৰ টকা।
আজি এই আগধন লৈ থকাৰ মুহূৰ্ততে হাতে -লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰণ আৰু নিৰীক্ষণ বিভাগে।
- Log in to post comments
- 28 views