সংবাদ মেল অনুষ্ঠিত কৰি এলোপেথিক চিকিৎসকৰ মন্তব্যৰ বিৰোধিতা আয়ুৰ্বেদিক চিকিৎসকৰ

Ghagrapar

*নলবাৰীত আয়ুৰ্বেদিক চিকিৎসকৰ প্ৰতিক্ৰিয়া*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৯ ডিচেম্বৰ:

অতি শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত আয়ুৰ্বেদিক চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰিব পৰা শল্য কৰ্ম সম্পৰ্কীয় অধ্যাদেশ প্ৰকাশ পোৱাৰ পিচৰে পৰা এলোপেথি চিকিৎসকসকল প্ৰতিবাদমুখৰ হৈ পৰিছে৷ বিশেষকৈ ভাৰতীয় চিকিৎসক সন্থা আই এম এৰ অসম শাখাই এই অধ্যাদেশখন প্ৰত্যাহাৰৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ আই এম এৰ চিকিৎসকসকলে প্ৰতিবাদৰ নামত সংবাদ মাধ্যমৰ আগত ভাৰতবৰ্ষৰ গৌৰৱ আয়ুৰ্বেদিক চিকিৎসা সম্পৰ্কে কিছু ভুল তথ্যৰে জনসাধাৰণৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰাৰ অভিযোগ তুলিছে অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাই৷ অসম আয়ুৰ্বেদিক চিকিৎসক সেৱা সন্থাৰ এটা প্ৰতিনিধি দলে আজি নলবাৰীৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আই এম এৰ চিকিৎসকসকলে কোৱাৰ দৰে কোনো ক্ৰেছ কোৰ্চ কৰাই নহয় বৰঞ্চ তিনি বছৰীয়া এম এছ কৰাৰ পিচতহে শল্য কৰ্ম কৰাৰ বাবে যোগ্য বিবেচিত হয়৷ সন্থাৰ সাধাৰণ সম্পাদক ডাঃ শংকৰজ্যোতি দাসে জানিবলৈ দিয়া মতে বহু বছৰ পূৰ্বৰে পৰাই আয়ুৰ্বেদিক স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে শল্য কৰ্ম কৰি আহিছে৷ সন্থাৰ প্ৰতিনিধি দলটোত সাধাৰণ সম্পাদক ডাঃ শংকৰজ্যোতি দাসৰ উপৰি সাংগঠনিক সম্পাদক ডাঃ মন্টু দাস, ডাঃ অনিমেষ কুমাৰ শৰ্মা, ডাঃ সৌৰভ তালুকদাৰ, ডাঃ জিতুমণি তালুকদাৰ, ডাঃ মৃন্ময় ডেকা,ডাঃ চক্ৰেশ্বৰ হালৈ,ডাঃ জয়ন্ত শৰ্মা, ডাঃ হেমেন শৰ্মা আৰু ডাঃ লক্ষ্মণ কুমাৰ শৰ্মা আদি উপস্থিত থাকে৷

Your Comments