দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত মঙলবাৰে খেতিপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। সম্প্ৰতি দেশত চলি থকা কৃষক বিদ্ৰোহ তথা ৮ ডিচেম্বৰত ঘোষিত ভাৰত বন্ধ কাৰ্য্যসূচীলৈ সমৰ্থন জনাই কংগ্ৰেছ দলে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে তীব্ৰ বিৰোধিতাৰ মাজতো সদনত তিনিখনকৈ কৃষক বিৰোধী বিধেয়ক গৃহীত কৰাৰ প্ৰতিবাদত দিল্লীত কৃষকসকলৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলি আছে কৃষক আন্দোলন।চৰকাৰৰ লগত কেইবালানি আলোচনাৰ অন্তত কোনো সমাধান নোলোৱাত দেশৰ কেইবাটাও কৃষক সংগঠনৰ আহ্বানত ঘোষিত হৈছিল ভাৰত বন্ধৰ কাৰ্য্যসূচী।ভাৰত বন্ধৰ কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন জনাই সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে ৮ ডিচেম্বৰত ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত ব্লকটোৰ ৯ টাকৈ মণ্ডলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি দাহ কৰি খেতিপথাৰত খেতিয়কসকলক লগত লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ণ কৰে। ঘগ্ৰাপাৰৰ বৰজাৱৰিহাটীৰ খেতিপথাৰতো ৰূপায়ণ কৰা উক্ত কাৰ্য্যসূচীত নলবাৰী জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক লুটফুৰ ৰহমান,বড়িগোগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা,বড়িগোগ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ওচমান আলীৰ লগতে অৰ্ধশতাধিক কৃষকে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 20 views