ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন সম্পন্ন

ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশন সম্পন্ন

ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ একবিংশতিতম বাৰ্ষিক অধিবেশনখন উচ্চতৰ মাধ্যমিক বাণী বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃণাল শৰ্মাই ।

ছহিদ তৰ্পণ কৰে সাধাৰণ সম্পাদক তপন ডেকাই । প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে । সভা উদ্বোধন কৰি দাসে কয় যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ সৰ্ববৃহৎ অৰাজনৈতিক ছাত্ৰ সংগঠন ।

সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সৰ্বাংগীণ সমস্যাসমূহৰ ওপৰত মাত মতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত হৈ থকা সমস্যাসমূহৰ ওপৰত অহৰহ মাত মাতি আহিছে । ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত অধিক গুৰুত্ব দিয়াৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ তেখেতে আহ্বান জনায় ।

প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি অসম নাট্য সন্মিলনৰ সম্পাদক কনক কৃষ্ণ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাস আৰু বৰ্তমান সময়ৰ কথা ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে মানুহ হোৱাৰ বাবে আহ্বান জনায় ।

ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকাইও সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন ক্ষেত্ৰত বক্তব্য ৰাখে । প্ৰতিনিধি সভাত জিলা আৰু মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।

বিষয় বাছনি সভাত জন শৰ্মাক সভাপতি আৰু অজয় ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ ৬১জনীয়া এখন সমিতি গঠন কৰা হয় । বিয়লি মৃণাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ।

মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ । নিৰ্দিষ্ট বক্তা হিচাপে আৰক্ষী মহাপৰিদৰ্শক প্ৰদীপ চন্দ্ৰ শালৈ, কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস, মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয় ।

Your Comments