ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ ২ কিশোৰ

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ ২ কিশোৰ

ৰঙিয়াত বৃদ্ধি পাইছে বহিঃৰাজ্যলৈ বিক্ৰীৰ বাবে নিয়া মানৱ সৰবৰাহকাৰী চক্ৰ । মানৱ সৰবৰাহকাৰী চক্ৰটো উৎখাত কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰি আছে যদিও বৰ্তমালৈ উৎখাত কৰিব পৰা নাই ।

সঘনাই ৰঙিয়াত হৈ থকা ঘটনাবোৰে চিন্তিত কৰিছে ৰঙিয়াবাসী ৰাইজক । অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা ৰঙিয়া ৰে'ল ষ্টেচনত নিশা ৰঙাপৰাৰ দুটি শিশুক বহিঃৰাজ্যলৈ বিক্ৰীৰ বাবে নিয়াৰ সময়তে ৰে'ল আৰক্ষী আৰু ৰাইজে উদ্ধাৰ কৰে ।

এশ টকাৰ লোভ দেখুৱাই শিশু সৰবৰাহকাৰী চক্ৰই এই দুই কিশোৰক উঠাই আনিছিল ৰে'লত । কিন্ত ৰঙিয়া ৰে'ল জংচনৰ প্লেটফৰ্মত সৰবৰাহকাৰী চক্ৰটোৱে কিশোৰ দুটিক এৰি পলায়ন কৰে ।

পিছত ৰে'ল আৰক্ষী আৰু একাংশ যাত্ৰীৰ তৎপৰতাত দুই কিশোৰক উদ্ধাৰ কৰি নিজ গৃহলৈ ওভতাই পঠিওৱা হয় । অপৰাধী চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে ।

Your Comments