ৰঙিয়া আৰক্ষীয়ে আজি ভাৰতীয় ষ্টেট বেংকৰ সন্মুখৰ পৰা ইৰানী গ্ৰুপৰ এজন সদস্যক আটক কৰে ।
ৰঙিয়াত সঘনাই হৈ থকা ধনলুটৰ ঘটনাত জড়িত থকা বিহাৰৰ বিভীষণ কুমাৰ নামৰ প্ৰবঞ্চক এজনক আৰক্ষীয়ে আজি গেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰবঞ্চকজনে ৰঙিয়াত হৈ থকা ধনলুটৰ ঘটনাত জড়িত থকা বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে ।
বিভীষণ কুমাৰৰ লগত জড়িত থকা প্ৰবঞ্চকৰ দলটোক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
- Log in to post comments
- 44 views