*কবি শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ 'হৃদয়ত প্ৰেমৰ মালিতা'কে ধৰি তিনিখন গ্ৰন্থ উন্মোচন,*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত বুধবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই গ্ৰন্থ উন্মোচনী সভাত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ কবি মালা বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনৰ বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে বঙাইগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মা,জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মা, 'অসমীয়া কবিতা চৰ্চা' গোটৰ মডাৰেটৰ জায়েদা ছাইফুজ জামান, কবি অনিল চন্দ্ৰ শৰ্মা আৰু স্বপ্না দেৱে ৷ ইয়াৰ পিছতেই আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ 'হৃদয়ত প্ৰেমৰ মালিতা' নামৰ দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ড: মৰমী বৰঠাকুৰ তালুকদাৰে ৷ গ্ৰন্থ উন্মোচনী ভাষণত তেওঁ কয় যে ক'ৰ'না সংক্ৰমণৰ সময়ত যদিওবা পৰিৱেশ খুব বেয়া তথাপি কবিৰ মনে কিন্তু হৃদয়ৰ অনুভৱক বাস্তৱত পৰিণত কৰি কবিতা সৃষ্টি ৰচনাত ব্ৰতী হৈ আছে ৷ এয়া আমাৰ সমাজৰ কাৰণে সুখৰ কথা ৷ কাৰণ পৃথিৱীত লকডাউন হ'ব পাৰে ৷ কিন্তু হৃদয়ৰ লকডাউন নাই ৷ হৃদয়ৰ অনুভৱক শব্দৰ অলংকাৰ পিন্ধাই তেওঁলোকে তিনিখনকৈ কবিতা পুথিৰ জন্ম দি কেৱল বঙাইগাঁও অঞ্চলতে নহয় বৰং অসমীয়া সাহিত্যত এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে, এটা নতুন সংযোজন আৰম্ভ হৈছে বুলি কয় ৷ উন্মোচকগৰাকীয়ে লগতে কাব্যগ্ৰন্থখনত থকা কবিতাবোৰৰ কিছু আভাষ দিয়ে আৰু তাৰে এটা কবিতা আবৃত্তি কৰে ৷ তেওঁ কবিতা সৃষ্টি কৰি পোৱা আনন্দৰ কথা উল্লেখ কৰি কবিগৰাকীৰ জীৱনটো উজ্জ্বল হোৱাৰ কামনা কৰে ৷ কাব্যগ্ৰন্থখন প্ৰকাশ কৰে 'অসমীয়া কবিতা চৰ্চা'ৰ হৈ নগাঁৱৰ আনন্দ প্ৰকাশে ৷ ইফালে, কবি শৈলেন্দ্ৰ পি শৰ্মাই নিজৰ ভাষণত কাব্যগ্ৰন্থখন সম্বন্ধে বক্তব্য আগবঢ়ায় আৰু কাব্য গ্ৰন্থখনত সন্নিবিষ্ট কবিতা এটা পাঠ কৰে।অনুষ্ঠানত গল্পকাৰ বেবী শৰ্মা চৌধুৰী আৰু মালা বৰুৱাই 'হৃদয়ত প্ৰেমৰ মালিতা'ৰ এটিকৈ কবিতা আবৃত্তি কৰে ৷ একেখন সভাতে কবি ময়দান আলি আহমেদে সম্পাদনা কৰা 'ৰশ্মিৰ প্ৰভাৱ' নামৰ এখন কাব্যগ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই ৷ উন্মোচক শৰ্মাই উন্মোচনী ভাষণত কাব্যচৰ্চা সম্পৰ্কে কিছু কথা ব্যক্ত কৰে ৷ আনহাতে জায়েদা ছাইফুজ জামানৰ 'মনস্বিনী' নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰে কাব্যশ্ৰী গীতা দেৱীয়ে ৷ এই গ্ৰন্থ দুখনো আনন্দ প্ৰকাশে প্ৰকাশ কৰি উলিয়াইছে ৷ সামাজিক দূৰত্ব মানি অনুষ্ঠিত হোৱা সভাখনত সাংবাদিকসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায় ৷ শেষত শলাগৰ শৰাই আগবঢ়ায় শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই ৷
- Log in to post comments
- 38 views