দৰঙৰ শতবৰ্ষ গৰকা দুমুনিচকী মজলীয়া বিদ্যালয় আৰু ৪১ বৰ্ষ গৰকা দুমুনিচকী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ উদ্যোগত আয়োজন কৰা হয় অগতানুগতিক অনুষ্ঠান স্মৃতি ৰোমন্থন সভা ।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ আদেশমৰ্মে যোৱা ২৭ মাৰ্চত দুয়োখন বিদ্যালয় একত্ৰীকৰণ হৈ দুমুনিচকী হাইস্কুল, দৰং নাম পৰিগ্ৰহণ হৈছিল । এই উপলক্ষে দেওবাৰে অনুষ্ঠিত হয় উক্ত দুয়োখন বিদ্যালয়ৰ স্মৃতিসমূহক লৈ এখনি স্মৃতি ৰোমন্থন আৰু স্মৰণিকা উন্মোচনী সভা ।
দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ডঃ ভুৱনেশ্বৰ চহৰীয়াই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী, বিশিষ্ট অতিথি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ।
উক্ত সভাতে দুয়োখন বিদ্যালয়ৰ স্মৃতিসমূহ ৰোমন্থন কৰি প্ৰকাশ কৰা স্মৰণিকাখনিও উন্মোচন কৰা হয় । উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে । অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।
- Log in to post comments
- 67 views