দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা নলবাৰী সমষ্টিৰ কংগ্ৰেছী নেতা প্ৰদ্যুৎ কুমাৰ ভূঞাৰ নিৰ্দেশ মৰ্মে অৱসৰপ্ৰাপ্ত শিক্ষক -শিক্ষয়িত্ৰীসকলক কংগ্ৰেছ দলৰ পৰা সম্বৰ্ধনা জনায়।কংগ্ৰেছ দলৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছ আৰু ইয়ং ব্ৰিগডৰ বড়িগোগ বনভাগ (ঘগ্ৰাপাৰ)ব্লকৰ যৌথ উদ্যোগত শনিবাৰে সংগঠন দুটাৰ বিষয়ববীয়া তথা সদস্যসকলে ব্লকটোৰ অধীনত থকা ৯খনকৈ পঞ্চায়তৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষক দিৱস উপলক্ষে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ লয়।
ইফালে,শনিবাৰে ব্লকটোৰ ৫খন পঞ্চায়তত এই কাৰ্য্যসূচী সম্পন্ন কৰা হয় বুলি বড়িগোগ বনভাগ যুৱ কংগ্ৰেছৰ সভাপতি ওচমান আলীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 7 views