*বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল*
*কোচ ৰাজবংশীসকলৰ যদি আৰ্থ- সামাজিক উন্নয়ন কৰিবলৈ বিচাৰে,তেতিয়াহ'লে কেএচিৰ দায়িত্ব সংগ্ৰামী সত্বাৰ হাতত অৰ্পন কৰিব লাগিব--হিতেশ্বৰ বৰ্মন*
*কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ ৰাজনীতিকৰণ নকৰিবলৈকো চৰকাৰক আহ্বান*
#বঙাইগাঁৱৰ প্ৰতিবেদক:
কোচ ৰাজবংশীসকলৰ কমতাপুৰৰ যি দীৰ্ঘদিনীয়া দাবী সেই দাবীক অসম বিধান সভাই স্বীকৃতি প্ৰদান কৰি যি মান্যতা প্ৰদান কৰিলে সেয়া ভৱিষ্যতলৈ কমতাপুৰ ৰাজ্য প্ৰাপ্তিৰ দিশত এক মাইলৰ খুঁটি স্থাপন হ'ল বুলি মন্তব্য কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ( আক্ৰাছু)ই ৷ আজি বঙাইগাঁও চহৰৰ হোটেল চি কে ত আয়োজিত এখন সংবাদমেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে এই মন্তব্য কৰে ৷ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে আক্ৰাছুৰ মূল লক্ষ্য হ'ল জনজাতিকৰণ ৷ গতিকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হলেও আমি আমাৰ মূল দাবীৰ পৰা কেতিয়াও বিচলিত নহওঁ ৷ জনজাতিকৰণৰ দাবীত আমাৰ আন্দোলন চলি থাকিব ৷ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনক আদৰণি জনাইছো ৷ কিন্তু একেলগে আমি অতিশীঘ্ৰে চৰকাৰক জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবেও দাবী জনালো ৷ কাৰণ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন জনজাতিকৰণৰ বিকল্প হ'ব নোৱাৰে ৷ যাৰ বাবে জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ বাবে আমি সমগ্ৰ অসমজুৰি কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ বাবে দাবী জনাইছো ৷ ইতিমধ্যে ২৫ আগষ্টত গুৱাহাটীত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা আলোচনাত জনজাতিকৰণৰ প্ৰতিবেদনখন অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ সেয়ে আমি অসম চৰকাৰক মন্ত্ৰী গোটৰ প্ৰতিবেদনখন সোনকালে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত তথা ৰাজনৈতিক ,শৈক্ষিক ,ভূমিৰ অধিকাৰৰ স্বাৰ্থত আৰু সাংস্কৃতিক দিশৰ ৰক্ষাৰ স্বাৰ্থত দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীটো সমাধান কৰিবলৈ দাবী জনালো ৷ সাধাৰণ সম্পাদকগৰাকীয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন অতি সোনকালে গঠনৰো পোষকতা কৰি কয় যে ইতিমধ্যে আমি কোচ ৰাজবংশী সংগঠনসমূহে একত্ৰিতভাৱে সংগ্ৰামী সত্বাৰ লগত জড়িত উপযুক্ত ব্যক্তিকলৈ অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন গঠন কৰাৰ বাবে চৰকাৰক দাবী জনাইছো ৷ লগতে পৰিষদখনক অধিক ক্ষমতা প্ৰদান কৰাৰ বাবেও দাবী জনাইছো বুলিও কয় ৷ ইপিনে সংবাদ মেলত উপস্থিত থকা আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মূল দাবী নহয় ৷ এইটো চৰকাৰে আমাক সহানুভূতিৰে আগবঢ়াইছে আৰু একপক্ষীয়ভাৱে গঠনৰ বাবে বিধান সভাত বিধেয়কখন গৃহীত কৰিছে ৷ কিন্তু কমতাপুৰ নামৰ যি শব্দ আৰু কমতাপুৰৰ যি ভূমি ইয়াৰ যে ন্যায্যতা আছে তথা কমতাপুৰৰ ভূমিত যে এটা সময়ত কোচ ৰাজবংশীসকলৰ জন্মস্বত্ব অধিকাৰ আছিল সেই ন্যায্যতা প্ৰদান কৰাৰ বাবেই আমি অসম চৰকাৰক ধন্যবাদ জনাইছো ৷ মুখ্য উপদেষ্টাগৰাকীয়ে আৰু কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে সামগ্ৰিকভাৱে কোচ ৰাজবংশীসকলৰ উন্নয়ন কৰিব নোৱাৰে ৷ ইয়াৰ মূল লক্ষ্যই হ'ব আমাৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনেই হ'ব মূল দাবী ৷ জনজাতিকৰণ হলেহে আমাৰ কোচ ৰাজবংশীসকলৰ সামগ্ৰীক উন্নয়ন হ'ব বুলি আশা কৰো ৷ সেয়ে আমি এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদকলৈ সিমান আনন্দিত আৰু উল্লাসিত হোৱা নাই ৷ আমি প্ৰকৃতাৰ্থত সিদিনাহে উল্লাসিত হ'ম যিদিনা জনজাতিকৰণ হৈ কমতাপুৰৰ ইছ্যুটোৰ সমাধানৰ বাবে ভাৰত চৰকাৰৰ লগত এক চুক্তি স্বাক্ষৰিত হ'ব ৷ চৰকাৰে আমাক জনজাতিকৰণৰ মান্যতা প্ৰদান কৰা নহয় বৰং আমাক এতিয়া চৰকাৰে জনজাতিকৰণৰ মৰ্যদা উভতাইহে দিব লাগে ৷ কাৰণ আমি পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিছিলোৱে ৷ সেয়ে ১৯৯৬ চনতে ৰাষ্ট্ৰপতিৰ অধ্যাদেশৰ জৰিয়তে জনগোষ্ঠীটোক প্ৰদান কৰা জনজাতিকৰণৰ মৰ্যদা চৰকাৰে আমাক ঘূৰাই দিব লাগে বুলিহে দাবী জনাইছো ৷ গতিকে যিদিনাখন এই দাবীবিলাক সম্পূৰ্ণ হ'ব সিদিনাই আমি আনন্দিত হ'ম আৰু উল্লাসিত হ'ম ৷ কিন্তু যিহেতুকে অসম চৰকাৰে আমাক এটা ন্যায্যতা প্ৰদান কৰিছে তাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছো ৷ আমি পুনৰ কৈছো যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদকলৈ যে বিৰাত আশ্বস্ত হৈছো সেইটো নহয় ৷ বৰং যিদিনা জনজাতিকৰণ হ'ব সিদিনাহে আমি আশ্বস্ত হ'ম ৷ লগতে জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি আপোচ বিহীনভাৱে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বুলিও আক্ৰাছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় ৷ মুখ্য উপদেষ্টাগৰাকীয়ে সংবাদ মেলত আৰু কয় যে চৰকাৰে যদিহে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন দি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীক শান্ত কৰি ৰাখিব বিচাৰিছে ,তেতিয়াহলে সেয়া ভুল কৰা হ'ব ৷ কাৰণ আমি আমাৰ মূল দাবীৰ পৰা কেতিয়াও আঁতৰি নাহো ৷ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৈতে ইতিমধ্যে দিল্লী- দিছপুৰৰ বহুবাৰ আলোচনা হৈছিল ৷ বিগত ২০১৩ চনৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই জনগোষ্ঠীটোৰ মূল দাবী সন্দৰ্ভত আলোচনা হৈছিল ৷ অসমৰ ৰাজভৱনতো প্ৰধানমন্ত্ৰীৰ লগতো আলোচনা হৈছিল আৰু আলোচনাত তেওঁ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হ'ব বুলি কৈছিল ৷ সেইদৰে দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছিল যে অতি সোনকালে আপোনালোকে এটা ভাল বাৰ্তা পাব আৰু যিটো বাৰ্তাৰ দ্বাৰা আপোনালোকৰ বহুদিনীয়া আন্দোলন পুৰণ হ'ব ৷ কিন্তু তেওঁৰ দিনতে এখন মডেলিটী কমিটী গঠন হ'ল , প্ৰধানমন্ত্ৰীয়ে ঘোষণাও কৰিলে ৷কিন্তু আজি ১৯ মাহ পাৰ হ'ল যদিও সেই কমিটীয়ে কোনো প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে ৷ সেই কাৰণে আমাৰ চৰকাৰলৈ আহ্বান যাতে ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত কমিটীয়ে অতি সোনকালে প্ৰতিবেদন প্ৰেৰণ কৰি আমাক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰে ৷ এয়া চৰকাৰৰ কৰ্তব্য আৰু আমাৰ দাবী ৷ কিন্তু যদিহে কোনো পদক্ষেপ গ্ৰহণ নকৰে ,তেতিয়াহলে হয়তো আমি ইয়াতকৈ আৰু অধিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব লাগিব ৷ সংবাদ মেলত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ কোচ ৰাজবংশীকে ধৰি সকলো জাতি- জনগোষ্ঠী , বিভিন্ন ভাষা-ভাষী আৰু ধৰ্মালম্বী লোককে সমন্বয় ৰখা কৰি তথা সকলোৰে সম অধিকাৰ,সম মৰ্যাদা,ভাতৃত্ববোধ অটুত ৰাখি অনাগত দিনত পৰিষদখনৰ জৰিয়তে যাতে উন্নয়ন সাধন কৰিব পাৰে তাৰ বাবে সকলোৰে সহায় - সহযোগিতা কামনা কৰে সংগঠনটোৱে।আনহাতে, যিখন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হ'ব তাকলৈ যাতে কোনো ক্ষেত্ৰতে ৰাজনীতিকৰণ কৰা নহয় তাৰ বাবে চৰকাৰক ইতিমধ্যে আক্ৰাছুৰ তৰফৰ পৰা এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰা বুলিও সংবাদ মেলত আক্ৰাছুৰ নেতাগৰাকীয়ে সদৰি কৰে ৷ নেতাগৰাকীয়ে কয় যে পৰিষদখনক যিখিনি অধিকাৰ প্ৰদান কৰা হ'ব,সেই অধিকাৰখিনি কোচ ৰাজবংশী সংগ্ৰামী সত্বাৰ হাতত অৰ্পন কৰিব লাগিব ৷ আনকি এই কথাখিনি আমি মুখ্যমন্ত্ৰীকো কৈছো ৷ এই অঞ্চলৰ কোচ ৰাজবংশীসকলৰ যদি আৰ্থ- সামাজিক উন্নয়ন কৰিব বিচাৰে তেতিয়াহলে সংগ্ৰামী সত্বাৰ হাতত সেই দায়িত্ব অৰ্পন কৰিব লাগিব ৷ কাৰণ এই ক্ষেত্ৰত আক্ৰাছু তথা কোচ ৰাজবংশীসকলৰ বৌদ্ধিকমহলৰ এটা পৰিকল্পনা আছে কেনেকৈ জনগোষ্ঠীটোক সাংস্কৃতিক ,শৈক্ষিককে ধৰি বিভিন্ন দিশত আগবঢ়াই নিব পাৰি ৷ অৱশ্যে আমি কেৱল সংগ্ৰামী সত্বাই নহয় বৰং কোচ ৰাজবংশী জনগোষ্ঠীৰ উপযুক্ত লোকৰ হাতত অধিকাৰ ন্যস্ত কৰাতো বিচাৰিছো ৷ এই ক্ষেত্ৰত আমি অতি কম দিনৰ ভিতৰতে সভা অনুষ্ঠিত কৰিম যাতে কোনো বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় আৰু উপযুক্ত লোকৰ হাতত অধিকাৰ অৰ্পন কৰিব পাৰে ৷ আমি আক্ৰাছুৱে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিম বুলিও কয় ৷ সেইদৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত সন্নিবিষ্ট ১৮ টা দপ্তৰ( বিভাগ)কলৈ সন্তুষ্ট নহয় আক্ৰাছু ৷ আমি যি দাবী জনাইছিলো সেই উল্লেখযোগ্য দাবীসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ আমি পৰিষদখনক অধিক ক্ষমতা প্ৰদান কৰাটো বিচাৰিছো ৷ বিশেষকৈ ভূমিৰ অধিকাৰ ,বন আদি বিভাগৰ প্ৰয়োজন আছে যদিও আমি যি এঘাৰটা দাবী জনাইছিলো সেইবোৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলিও কয় ৷ আনহাতে সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক কমল সৰকাৰে কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হ'ল বুলিয়ে অসমৰ বিভিন্ন প্ৰান্তত থকা কোচ ৰাজবংশী লোকসকল শংকিত হোৱাৰ কোনো কাৰণ নাই ৷ নেতাদৰাকীয়ে জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নয়নৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায় ৷ উল্লেখ্য যে সংবাদ মেলৰ আৰম্ভনিতে আক্ৰাছুৰ নেতৃত্বই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম সেই সংগ্ৰামত প্ৰাণ আহুতি দিয়া ছহিদসকলক সোঁৱৰণ কৰাৰ লগতে শ্ৰদ্ধা নিবেদন কৰে ৷ সেইদৰে আক্ৰাছুৰ লগতে কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ তৰফৰ পৰা অসম চৰকাৰে ৩ ছেপ্টেম্বৰত বিধান সভাত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ বিধেয়কখন গৃহীত কৰাৰ বাবে অসম চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ,যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰী ,জনজাতি পৰিক্ৰমামন্ত্ৰী চন্দন ব্ৰহ্ম তথা বিজেপি চৰকাৰৰ মিত্ৰ দল অগপ ,বিপিএফ, গণ শক্তি আদি দলকো ধন্যবাদ জ্ঞাপন কৰে ৷ সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া আদিও উপস্থিত আছিল ৷ সংবাদ মেলৰ পিচতে সংগঠনটোৰ এখন সভাও অনুষ্ঠিত কৰা হয়।
- Log in to post comments
- 72 views