মৃণাল ডেকা,শুৱালকুছি:
পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বামুন্দী মহাবিদ্যালয় 'আছু' গোটৰ সহযোগত বামুন্দী মহাবিদ্যালয় প্ৰাংগনত আজি শিক্ষক দিৱস আৰু প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।বিশিষ্ট সমাজকৰ্মী ধৰ্মেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বামুন্দী মহাবিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বামুন্দী মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দক সম্বৰ্ধনা জনোৱা হয়।
সভাত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে কেনেকৈ সুন্দৰ সমাজ এখন গঢ় দিব পাৰি,তাৰেই বহল বাখ্যা দাঙি ধৰে । সভাত উপস্থিত বামুন্দী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ হৰেশ্বৰ কলিতা আৰু বামুন্দী মহাবিদ্যালয়ৰ অধ্যক্ষ চম্পক শৰ্মাই শিক্ষক-শিক্ষাৰ্থী আৰু অভিভাৱকৰ সম্পৰ্ক সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।সভাত উপস্থিত থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পংকজ কলিতা,শিক্ষা সম্পাদক সুৰজিত কলিতা,আছু নেতা মানৱ ঠাকুৰীয়া, ৰুবুল কলিতা, দেৱাশীষ শৰ্মা, ধ্ৰুৱজ্যোতি দাস,অংকুৰ নাথ।
- Log in to post comments
- 62 views