গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
আজি শিক্ষক দিৱস।১৮৮৮ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ।ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত ড: ৰাধাকৃষ্ণণৰ জন্মদিনটো তেওঁৰ একাংশ ছাত্ৰই পালন কৰিবলৈ বিচাৰিছিল।তেতিয়া ৰাধাকৃষ্ণণে তেওঁ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল।১৯৬২ চনৰ পৰা আজিৰ এই দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।বৰ্তমান ক'ৰ'না মহামাৰীৰ আতংকৰ বাবে এইবাৰ সমগ্ৰ দেশতে অনুষ্টুপীয়াকৈ শিক্ষক দিৱস পালন কৰা হৈছে।আজি এই শিক্ষক দিৱসত দেৰগাঁৱৰ কাকডোঙাত গোহাঁইমেৰ ক্ৰীড়া সন্থাই পুৱা ৮:৩০ বজাত ড:ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰি শিক্ষাবিদজনলৈ শ্ৰদ্ধাঞ্জলি জনায়।ইয়াৰ পিছতেই গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাবিদ অনিল শৰ্মাক শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত গোহাঁইমেৰ ক্ৰীড়া সন্থাৰ হৈ আহমেদ হুছেইন,আৰিফুৰ ৰহমান,আকিব আহমেদ আৰু ৰাইছুদ্দিন আহমেদে তেখেতৰ নিজা বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।ইফালে আজিৰ এই দিনটোত সামাজিক মাধ্যমৰ জনপ্রিয় ফেচবুক পেজ 'ৰূপান্তৰ'ৰ হৈ প্ৰবীণ শিক্ষাবিদগৰাকীৰ ঘৰত পুৱাৰ ভাগতে উপস্থিত হয় বিশিষ্ট কবি দিলৱাৰ হুছেইন।তেখেতক এখন গামোচা,সঁফুৰা,আৰু সম্বৰ্ধনাপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পূব গোলাঘাটবাসীৰ হৃদয়ত অনিল শৰ্মাৰ মহান ত্যাগ আৰু সততা হৃদয়ত সদায় থাকিব,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈ কেৱল মাত্ৰ মানৱ সম্পদ গঢ় দিয়াৰ নিমিত্তে গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ দৰে ভিতৰুৱা অঞ্চলত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰি বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ জ্যোতি বিলাবলৈ সক্ষম হ'ল অনিল শৰ্মা।সুদীৰ্ঘ ৩৩ টা বসন্ত বিনা বেতনেৰে শিক্ষাদান কৰি অৱসৰ গ্ৰহণ কৰা এইজন চিৰনমস্য প্ৰবীণ শিক্ষাবিদ,সমাজসেৱক অনিল শৰ্মাৰ মহান ত্যাগক শলাগ লৈ আহিছে সচেতন মহলে।উল্লেখযোগ্য যে সুদীৰ্ঘ ৩৩টা বছৰ বিনাবেতনে অধ্যক্ষৰ দৰে গুৰু দায়িত্ব পালন কৰি আহিছিল অনিল শৰ্মাই।বিভিন্ন সময়ত চৰকাৰী পক্ষৰ হেমাহিৰ বাবে সময়মতে মহাবিদ্যালয়খন প্ৰাদেশীকৰণ হৈ নুঠাৰ বাবে বিনাবেতনে অৱসৰ লব লগা হ'ল প্ৰতিষ্ঠাপক অধ্যক্ষ অনিল শৰ্মাই।শেহতীয়াকৈ চৰকাৰে মহাবিদ্যালয়খনৰ প্ৰাদেশীকৰণ কৰাত চৰকাৰৰ শিক্ষা বিভাগক কৃতজ্ঞতা জনাইছে শৰ্মাই।
- Log in to post comments
- 11 views