দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী কাবাডী হেণ্ডবল সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ শাখাৰ ৰাজ্যিক হেণ্ডবল খেলুৱৈ মৃদুল স্বৰ্গীয়াৰীৰ শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জণ্ডিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে । ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিৱাসী কামদেৱ বড়ো আৰু আশা বড়োৰ পুত্ৰ মৃদুল নলবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল। দুবাৰকৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাত খেলুৱৈগৰাকীয়ে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ মৃত্যুত প্ৰশিক্ষক ধৰণী বসুমতাৰী,ক্ৰীড়া সংগঠক চন্দন হালৈয়ে শোক প্ৰকাশ কৰাৰ লগতে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী,সাধাৰণ সম্পাদক উত্তম ব্ৰহ্ম আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলেও শোক প্ৰকাশ কৰে।
নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন হেণ্ডবল খেলুৱৈ মনোজ কুমাৰ চৌধুৰী, ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,ঘগ্ৰাপাৰ প্ৰেছ ক্লাব,আছু -যুৱ ছাত্র পৰিষদ আদিয়ে খেলুৱৈগৰাকীৰ মৃত্যত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
- Log in to post comments
- 9 views