নামৰূপৰ পৰা সমীৰণ বৰুৱা:
সুস্থ সমাজ গঢ়াৰ সংকল্পৰে শান্তি- সম্প্ৰীতি-ঐক্য আৰু প্ৰগতিক প্ৰাধান্য দি, সত্য-নিষ্ঠাক অগ্ৰাধিকাৰেৰে শনিবাৰে সাংস্কৃতিক তথা উদোগ নগৰী নামৰূপত যথেষ্টসংখ্যক গণ্যমান্য-চিন্তাশীল ব্যক্তিৰ উপস্থিতিত অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত ৰাজহুৱা মত বিনিময় অনুষ্ঠানত সৰ্বসন্মতিক্ৰমে "প্ৰেছ এণ্ড য়ুথ ক্লাব, নামৰূপ"ৰ সমিতিখন গঠন কৰা হয়।সমিতিখনৰ বিষয়ববীয়াসকল এনে ধৰণৰ-
মুখ্য উপদেষ্টামণ্ডলী ক্ৰমে,ড: দুৰ্গা প্ৰসাদ গগৈ,সহযোগী অধ্যাপক,পদাৰ্থ বিজ্ঞান বিভাগ,নামৰূপ মহাবিদ্যালয়;ডা:অজয় বৰুৱা,চিকিৎসক বিভিএফচি,নামৰূপ;কেশৱ সোণোৱাল,সভাপতি,গ্ৰাম্য উন্নয়ন সংঘ;ভাৰতী হাজৰিকা,অধিবক্তা।
সভাপতি বাদল গগৈ,উপ-সভাপতি হেমন্ত গগৈ,সঞ্জয় খেতান।সাধাৰণ সম্পাদক বিতু বৰুৱা;সাংস্কৃতিক সম্পাদক স্মৃতি দও;সহ:সম্পাদক জুৰি গগৈ;সাংগঠনিক সম্পাদক জগত গগৈ;সহ:সম্পাদক আৰিফা বেগম;প্ৰচাৰ সম্পাদক হীৰেন গগৈ:সহ:সম্পাদক ধ্ৰুৱজ্যোতি সন্দিকৈ;বিও সম্পাদক সমীৰন বৰুৱা;কাৰ্যালয় সম্পাদক ছত্ৰ গগৈ;কাৰ্য্যকৰী সদস্য ক্ৰমে,সন্ধিয়া বৰুৱা,বন্দনা গগৈ,আৰতী গগৈ আদি।
সমিতিখনে কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে:
উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণ কৰক;এপিএল আৰু তাপবিদ্যুৎ প্ৰকল্পৰ নৱ-নিৰ্মিত অতিৰিক্ত গোটৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰক;স্থানীয় নিবনুৱাৰ ১০০% সংস্থাপনৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ক,
নামৰূপৰ এএছটিচি বাছ সেৱা নিয়মীয়াকৰণেৰে কায্যৰ্ক্ষম কৰি বাছ আস্থান সুৰক্ষিত কৰা,নামৰূপৰ তিনিওটা উদ্যোগৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বিনামূলীয়া বিশুদ্ধ খোৱাপানীৰ যোগান আৰু বিদুৎ যোগান সেৱা বিনাচৰ্তে চৰকাৰী নীতি অনুযায়ী আগবঢ়াওক।
- Log in to post comments
- 44 views