স্থায়ী ঠিকনা লাভ কৰি আইতা-ককাহঁতৰ আনন্দৰ যেন সীমা নাই৷ কাৰণ এতিয়াৰ পৰা তেওঁলোকৰো হ'ব এখন নিগজি ঘৰ । য'ত এতিয়াৰ পৰা জীৱনৰ অন্তিমটো ক্ষণলৈকে হাঁহি আনন্দৰ মাজেৰে পাৰ কৰিব পাৰিব এই আইতা-ককাহতে । ৬ বছৰত ১২ বাৰকৈ ভাড়াঘৰ সলনি কৰাৰ পিছত এতিয়া ৬০ গৰাকী আইতা-ককালৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে । মাদাৰ বৃদ্ধাবাসৰ বাবে মাটি দান কৰিছে অভিযন্তা অৰ্ণব মহন্তই । তাত থকা আইতাসকলে জনায় যে স্থায়ী ঠিকনা লাভ কৰি তেওঁলোক যথেষ্ট সুখী ।
মহানগৰীৰ মঠঘৰীয়াত এতিয়া আইতা-ককাহতৰ বাবে নিৰ্মান হ'ব পঞ্চম মহলাৰ এটি অট্টালিকা । কিন্তু তাৰ কাৰণে মাদাৰ বৃদ্ধাবাসক লাগিব যথেষ্ট মূলধন । মাদাৰ বৃদ্ধাবাসৰ পৰিচালক উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাই জনায় যে বহু লোকে ইতিমধ্যে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে । নগদ ধন আৰু আমানত ধন মিলাই বৰ্তমান লৈকে ৫৯ লাখ টকা জমা হৈছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া আইতা-ককালৈ বিভিন্নজনে বহু পৰিমাণে সাহায্য আগবঢ়াইছে। লগতে তেওঁলোকে অনুৰোধ জনায় যে যদি কোনো সদাসয় ব্যক্তিয়ে তেওঁলোকক সহায় আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেহলে ইচ্ছুক ব্যক্তিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে।
- Log in to post comments
- 22 views