সাত বছৰে সম্পূৰ্ণ নহ'ল বৰছলাৰ আদর্শ হাস্পতাল,হাবি-জংঘলৰ মাজত অৰ্ধনিৰ্মিত গৃহ

হাস্পতাল

স্বাস্থ্য বিভাগৰ গুৰুতৰ হেমাহিৰ বাবে নিৰ্মাণ আৰম্ভ হোৱাৰ সাত বছৰৰ পিছতো আধৰুৱা    হৈ থাকিল শোণিতপুৰ জিলাৰ বৰছলাৰ আদৰ্শ হাস্পতাল।

গৃহসমূহৰ নিৰ্মাণ আধাতে সামৰণি পৰা হাস্পতালখন বৰ্তমান গৰু-ছাগলীৰ গোহালি সদৃশ হৈ পৰিছে।অৰ্ধনিৰ্মিত গৃহসমূহক বৰ্তমান হাবি-জংঘলে আগুৰি ধৰিছে।

হাস্পতাল

অঞ্চলবাসী ৰাইজৰ অভিযোগ যে ঠিকাদাৰৰ গাফিলতিৰ লগতে স্থানীয় বিধায়কৰ গুৰুত্বহীনতাৰ বাবে আদৰ্শ হাস্পতালখনৰ আজি সাতটা বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল।শীঘ্ৰে হাস্পতালখনৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰি তুলিব লাগে বুুলি ৰাইজে দাবী জনাইছে।

Your Comments