অসমৰ বানাক্ৰান্তসকলৰ কাষত অভিনেতা চনু সুদ:ঘোষণা কৰিলে কৰ্মসংস্থাপন প্ৰদানৰ বিশেষ আঁচনি

Sonu Sood

--ৰাজকমল চাংকাকতি--

ক'ৰ'না-কালত দেশৰ সংকটগ্ৰস্ত একাংশ লোকক বিভিন্ন ধৰণেৰে সহায় কৰি প্ৰশংসা বুটলা জনপ্ৰিয় অভিনেতা চনু সুদে এইবাৰ অসমৰ বানাক্ৰান্তসকলক সহায় কৰিবলৈ আগবাঢ়িছে।চনু সুদে আজি ৩০ জুলাইত তেওঁৰ ৪৭ সংখ্যক জন্মদিন উপলক্ষে টুইটাৰত ঘোষণা কৰিছে যে তেওঁ অসম আৰু বিহাৰৰ বানত আক্ৰান্ত হৈ কৰ্ম সংস্থাপন হেৰুওৱা লোকসকলক কর্মসংস্থাপন-চাকৰি প্ৰদান কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে।ইয়াৰ বাবে তেওঁ কেইবাটাও বৃহৎ কোম্পানীৰ সৈতে চুক্তি সম্পন্ন কৰিছে।'প্ৰৱাসী ৰোজগাৰ' নামৰ এই অভিযানৰ জড়িয়তে ৩ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।এই অভিযানৰ ৱেবছাইটটো হৈছে http://PravasiRojgar.com।উল্লেখ্য যে চনু সুদে লকডাউনৰ সময়ত প্ৰৱাসী শ্ৰমিকসকলক নিজৰ ৰাজ্যলৈ যাতায়তৰ সুবিধা কৰি দিছিল।লগতে,তেওঁ এজন কৃষকক ষাঁড় গৰু আৰু আন এজন কৃষকক ট্ৰেক্টৰ প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিছিল।ক'ৰ'না-সংকটৰ সময়ত সমস্যাগ্ৰস্তসকলৰ কাষত ঠিয় দিয়া অভিনেতাজনে এনেদৰেই এতিয়া "ৰিয়েল লাইফ হিৰ'" হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিছে।

Your Comments