ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থাত সংযোজন কৰা হৈছে নতুন নিয়ম।পূৰ্বৰ ১৪ দিনৰ বিপৰীতে এতিয়া ৭ দিন হোম কোৱাৰেন্টাইন হ'ব লাগিল।অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰিছে এই কথা।
নিৰ্দেশনাটোত লগতে উল্লেখ আছে হোম কোৱাৰেন্টাইনত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক চৰকাৰৰ এতিয়াৰে পৰা দিয়া হ'ব ২০০০ টকাৰ বিভিন্ন খাদ্য-সামগ্ৰী।জিলা প্ৰশাসনৰ ফালৰ পৰা দিয়া হ'ব এই সুবিধা।লগতে,বিশেষভাৱে সক্ষম আৰু বৃদ্ধাৱস্থাৰ লোককো প্ৰশাসনে সহায় কৰিব।
ক'ৰ'না ভাইৰাছৰ বাবে চৰকাৰে ৰাজ্যত হোম কোৱাৰেণ্টাইনত থকা ১.১২ লাখ লোকক ২০০০ টকাৰ সামগ্ৰী যোগান ধৰিছে।
- Log in to post comments
- 26 views