অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া । সঘনাই ইৰানী গ্ৰুপ, চিলা গ্ৰুপৰ দ্বাৰা ধনলুটৰ ঘটনা সংঘটিত হোৱাৰ লগতে চোৰ-ডকাইতৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া ।
ৰঙিয়াত বৃদ্ধি পোৱা অপৰাধৰ মাজতে আজি পুৱা ১১ বজাত ৰঙিয়া তিনিআলিৰ ৭ নম্বৰ ৱাৰ্ডত এটা চোৰ ধৰা পৰে । নৱ কলিতাৰ ঘৰত ভগলপুৰৰ পৰা অহা দুজন লোকে সোণ চাফা কৰাৰ চলেৰে সোণৰ গহণা লৈ পলায়ন কৰিবলৈ লওঁতেই গৃহস্থই হৈ-চৈ কৰাত ওচৰ-পাজৰৰ লোক আহি উপস্থিত হয় আৰু পৰিয়ালৰ সহায়ত এজনক আটক কৰিবলৈ সক্ষম হয় ।
কিছু সময়ৰ পিছত পুলিচ ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক ৰঙিয়া থানালৈ নিয়ে । ৰঙিয়াত সঘনাই হৈ থকা চুৰি-ডকাইতিৰ ঘটনাই ৰঙিয়াবাসীক চিন্তিত কৰিছে । আৰক্ষীয়ে পিয়াপি দি থকাৰ পিছতো ৰঙিয়াত সঘনাই হৈ থকা এই ঘটনাবোৰত আৰক্ষী-প্ৰশাসনৰ ফোঁপোলা স্বৰূপ ওলাই পৰা বুলি ৰাইজে মন্তব্য কৰিছে ।
এই সম্পৰ্কত ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত টুলুঙা মন্তব্য দিয়াহে পৰিলক্ষিত হয় ।
- Log in to post comments
- 43 views