নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে আদি কৰি চীন, ভূটান, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদিত প্ৰস্তাৱিত আৰু নিৰ্মীয়মাণ সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰা আৰু অসমৰ বানপানী-গৰাখহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত আজি ধুবুৰীত অৱস্থান ধৰ্মঘট পালন কৰা হয় ।
ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।
- Log in to post comments
- 11 views