নিউজ ডেস্ক :
আমেৰিকাৰ চিয়াতল নিবাসী প্ৰবাসী অসমীয়া বিশিষ্ট সমাজ বিজ্ঞানী,চিন্তাবিদ-গৱেষক আৰতি বৰা বৰুৱাৰ মতে চীন-ভাৰতৰ সীমান্তৱৰ্তী অসম-অৰুণাচলৰ মাজৰ পাছ সমান্তৰাল নদী উপত্যকাক ইউনেচকোৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ ব্যৱস্থা কৰিব লাগে। এইক্ষেত্ৰত বিশিষ্ট গবেশিকা গৰাকীয়ে নিজৰ সবল অধ্যয়নপুষ্ট যুক্তি দাঙি ধৰি কয় যে,শদিয়া পুৰণি অসমৰ কেন্দ্ৰ। উত্তৰত তিব্বত,দক্ষিণত প্ৰাগজো্তিষপুৰ, পূবত তিব্বত, চীন, বা্ৰ্মা, পশ্চিমত চিকিম, নেপাল, ভূটানক লৈ শদিয়া কেন্দ্ৰ হৈ আছিল। ইয়াত তিব্বত মানে পূৰণা তিব্বত বুজোৱা হৈছে, যত নংগেৰী, জেনতেঙ্গ, উটচেঙ্গ, খাম, আৰু আমডু অন্তৰ্ভূক্ত আছিল। পূৰণি সময়ত চীনৰ তিব্বতৰ লগত গভীৰ সম্পৰ্ক নাছিল। তিব্বতৰ মধুৰ সম্পৰ্ক উত্তৰ-পূব ভাৰতৰ লগতহে আছিল। ইয়াৰ স্বাক্ষৰ স্বৰূপে লক্ষ্য কৰিব ভোৰ তাল তিব্বতীয় সকলে অসমীয়াৰ সমানে ৱ্যৱহাৰ কৰে।
তিব্বতৰ প্ৰতি চীনৰ মনযোগিতা যোৱা শতাব্দীতহে বৃদ্ধি পাইছে।কিন্তু দূ্ভাৰ্গবশতঃ চীনৰ এই মনযোগিতা বন্ধুত্বৰ নহয়, ব্যৱসায়িতাৰহে। ডালাই লামাই পঞ্চাশৰ দশকত যি বাটেৰে টাৱাং- তেজপুৰ হৈ পলাই ভাৰতবৰ্ষ পাইছিলহি চীনাই সেই বাটৰ সুংসুত্ৰই নাজানিছিল। শদিয়া বা অৰুণাচলৰ পৰা যেনেকৈ এতিয়াৰ চীনৰ কিছু ঠাইলৈ যাব পাৰি,ভৌগোলিক কাৰণতেই চীনৰ পৰা উলটি কিন্তু অৰুণাচললৈ আহিব নোৱাৰি। সেইবাবেই চীনক অৰুণাচল লাগে। অৰুণাচলৰ পৰা তিব্বতলৈ আবৰ, ডফলা আৰু মিচিমি পাহাৰ হৈ যাব পাৰি, চীনাৰ ফালৰ পৰা সেইবোৰ বাট নতুনকৈ বনাইছে যদিও কিছু বাট ছমাহেই বৰফৰে পোত খাই থাকে। চীনে পূৰ্বতে বামলাৰ বিষয়ে জনা নাছিল। চীনৰো তিব্বতৰ মাত্ৰ লাছাৰ লগত নামমাত্ৰ যোগাযোগ আছিল। চিল্ক ৰ'ডো তিব্বতৰ ওপৰেদিহে গৈছে। যিহেতু উত্তৰ-পূব ভাৰতৰ জাতি বিভিন্নতা পূব হিমালয়ৰ পৰা আহিছে, সেই যুক্তিতে অৰুণাচল আৰু অসমৰ মাজৰ ঠাইখিনি সংৰক্ষণ কৰাটো অত্যন্ত গুৰুত্বপূ্ৰ্ণ। সেয়ে মই অসম আৰু অৰুণাচল চৰকাৰক চীন-ভাৰতৰ মধ্যৱৰ্তী এই অঞ্চলক "ইউনেচকোৰ ঐতিহ্য ক্ষেত্ৰ" হিচাপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিবলৈ অনুৰোধ কৰিলো। এই ঠাইৰ নাম প্ৰতীক হিচাবে –পাঁচ সমান্তৰাল নদী উপত্যকা-বুলি নামাকৰণ কৰিব পাৰি। শদিয়া, পৰশুৰামকুন্ড, হাৱাই, আৰু অলপ ব্যাপকভাবে চালে চান ফেঁং ফাংগান ৰাজী শিখৰ দেখা ভাৰতৰ অন্তৰ্ভূক্ত ঠাইখিনিয়েই প্ৰস্তাৱিত হেৰীতেজ ছাইট হ'ব পাৰে। পাঁচ সমান্তৰাল নদী উপত্যকাৰ নদীকেইখন হৈছে, লোহিত,ইৰাৱতী, চলউইন, মেকং আৰু য়াচিং। গুৰুত্বপূৰ্ণ কথা এয়ে যে লোহিতৰ বাদে বাকীখিনি নদী পূৰ্বৰ তিব্বত-বাৰ্মা সীমাত আছে। চেৰডুকপানৰ পৰা চুতীয়া ৰাজ্যলৈ (অসম বুৰঞ্জীত উল্লেখ থকা) প্ৰায় এশ জাতি-উপজাতিক এই ঠায়ে সুৱৰিৱ। লগতে হেৰীতেজ ছাইট ঘোষিত হলে আন্তৰাষ্ট্ৰীয় দৃষ্টিও থাকিব। অতি তাৎপৰ্যপূৰ্ণভাবে এইখিনি ঠাইতে পূবা-পশ্চিমা হিমালয় উত্তৰ-দক্ষিণা হেংডুৱানৰ লগত মিলিছে। যিটো ভৌগোলিকভাবে অতি গুৰুত্বপূৰ্ণ হোৱাৰ লগতে বিৰলো। ইফালে এই অঞ্চল বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে আজি সুদীৰ্ঘ দিন ধৰি ৰম্যভূমি হৈ অহাৰ সমান্তৰালভাবে পক্ষী দৰ্শনাথীসকলৰ বাবেও এই অঞ্চল ভূস্বৰ্গ স্বৰূপে পৰিগণিত হৈ আহিছে। বিভিন্ন ভৌগোলিক,সমাজিক- সংস্কৃতিক বৈশিষ্ট্যৰে সমৃদ্ধ এই অঞ্চলটোক সেয়ে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে "ঐতিহ্য ক্ষেত্ৰ" ঘোষণাৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিব লাগে বুলিও বিশিষ্ট সমাজ বিজ্ঞানী তথা গবেশিকা গৰাকীয়ে দুয়োখন চৰকাৰক এক প্ৰেছ বিজ্ঞপ্তি যোগে আহ্বান জনায়।
- Log in to post comments
- 51 views