নুনমাটি-খাৰঘুলি পথৰ মাজৰ ডিভাইদাৰত গছপুলি ৰোপণ

A

নিউজ ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ বাবে ৰাজহুৱা মুকলি স্থান সমূহত পৰ্যাপ্ত সংখ্যক গছপুলি ৰোপণ কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বিগত দিনকেইটাত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ গুৱাহাটী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে বিগত সময়চোৱাত খণ্ড বন বিষয়া কাৰ্যালয় সমূহৰ জৰিয়তে শিক্ষানুষ্ঠান চৌহদ আৰু ৰাজহুৱা স্থান সমূহত বনকর্মীৰ সহায়ত গছপুলি ৰোপন কৰি আহিছে ।তেনেদৰে ২৪ জুলাইত নাৰেংগী খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত এটা বনকর্মীৰ দলে নতুনকৈ নিৰ্মাণ কৰা নুনমাটি-খাৰঘুলি পথৰ মাজত থকা ডিভাইদাৰত ৮০ টা ঔষধি গছৰ পুলি ৰোপণ কৰে।বিশেষকৈ পথছোৱাৰ নেপালী চকৰ পৰা গোপাল নগৰ সংযোগী প্ৰায় ডেৰ কিঃমিঃ দূৰত্বৰ অংশত গছপুলি সমূহ ৰোপণ কৰা হয় ।

Your Comments