চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিসমুহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আজি স্থানীয় লেঙীবৰ অঞ্চলৰ পূজা মণ্ডপত সংহত উন্নয়ন শিবিৰ শীৰ্ষক এখন সজাগতামূলক সভা অনুষ্ঠিত হয় ।
চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ সভাপতিত্বত লেঙীবৰ অঞ্চলৰ ২০০ৰো অধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰা আজিৰ এই সজাগতা সভাতে লেঙীবৰ অঞ্চলৰ পৰা মাটিৰ পট্টাৰ বাবে আবেদন কৰা ব্যক্তিসকলক উপায়ুক্তগৰাকীয়ে আনুষ্ঠানিকভাৱে মাটিৰ পট্টা বিতৰণ কৰে ।
- Log in to post comments
- 8 views