ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । এই মহান উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে "মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" নামৰ অভিলাসী আঁচনিখনৰ জৰিয়তে প্ৰতিখন ৰাজহ গাঁৱত ৭০ শতাংশ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ খেতিয়ক গোটক যোগান ধৰাৰ কথা ঘোষণা কৰিছে ।
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দৰং জিলাতো আজি ট্ৰেক্টৰ বিতৰণৰ শুভৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হয় । জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত জিলা পুথিভঁৰালত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ শিক্ষা, মহানগৰ উন্নয়ন তথা আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যই দৰং জিলাৰ কৃষক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণৰ অনুষ্ঠানিক শুভাৰম্ভণি কৰে ।
আজি জিলাখনৰ গণকাপৰা, নাপ্তিপাৰা, শালৈপাৰা, ৪নং শিয়ালমাৰী গাঁৱৰ ৩৮টা কৃষক গোটক ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । ইয়াৰ পূৰ্বে জিলা কৃষি বিষয়া নীলকান্ত ডেকাই আদৰণী ভাষণত আঁচনিখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আৰু জিলাখনৰ খতিয়ান দাঙি ধৰে ।
সেইমতে দৰং জিলাৰ মুঠ ৫৬৫খন ৰাজহ গাঁৱৰ ৮-১০জনীয়া মুঠ ১১৩১টা কৃষক গোটে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ৰাজস্যহায্যযুক্ত ট্ৰেক্টৰৰ বাবে আবেদন কৰিছিল । ইয়াৰে ভিতৰত ২১৯খন গাঁৱৰ পৰা মাত্ৰ একোটাকৈ কৃষক গোটেহে আবেদন কৰিছিল ।
প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ৰ বাছনি সমিতিয়ে উক্ত গাঁওসমূহৰ পৰা অহা আবেদনসমূহৰ ভিতৰত ১৫০খন গাঁৱৰ কৃষক গোটলৈ ট্ৰেক্টৰ যোগানৰ যাৱতীয় অনুমোদন জনায় ।
ইয়াৰে ৬৫নং কালাইগাঁও বিধানসভা সমষ্টিৰ ১৫টা, ছিপাঝাৰ বিধানসভা সমষ্টিৰ ৬৬টা, মঙলদৈ বিধানসভা সমষ্টিৰ ৪৭টা আৰু দলগাঁও সমষ্টিত ২২টা কৃষক গোটে অনুমোদন লাভ কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন ।
- Log in to post comments
- 16 views