নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিত মাৰাণাস্ত্ৰসহ এজন যুৱক আটক হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
প্ৰাপ্ত খবৰ মতে, আজি পুৱা প্ৰায় ১০ বজাত নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ দলে বটদ্ৰৱা আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ কদমনিত মৈৰাবাৰীলৈ বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকক আটক কৰে ।
ধৃত কচুৱা থানাৰ এলেকাধীন লুতুমাৰীৰ ছফিকুল ইছলাম নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে দুজাঁই সক্ৰিয় গুলীসহ এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে এখন ছুৰি, এটা মোবাইল ফোন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷
অৱশ্যে একেলগে অহা আনজন যুৱক পলাই সাৰিবলৈ সক্ষম হয় ৷ ধৃত যুৱকজন পূৰ্বে বহুকেইটা ডকাইতি কাৰ্যত জড়িত হৈ কেইবাবাৰো কাৰাবাস খাতিবলগীয়া হৈছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।
বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য, বিগত দুই-তিনি বছৰৰ ভিতৰত পশ্চিম নগাঁৱৰ কদমনি, টুকটুকী, ডুমডুমীয়া, বলিকটিয়া আদি অঞ্চলত ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ জোকাৰণি তুলিছে ।
আনকি কিছুদিন পূৰ্বে বলিকটিয়াত এজন জুৱাৰীৰ বন্দুকৰ গুলীত এজন আৰক্ষী কনিষ্টবল নিহত হ’বলগীয়া হৈছিল ।
- Log in to post comments
- 7 views