মেঘালয় চৰকাৰৰ অনুজ্ঞাপ্ৰাপ্ত তীৰ-জুৱাই সমগ্ৰ অসমৰ সাধাৰণ মানুহৰ লগতে যুৱচামক গ্ৰাস কৰা পৰিলক্ষিত হৈছে । তীৰ-জুৱাই বহু পৰিয়ালৰ যুৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নিয়াৰ লগতে বহু যুৱক ইতিমধ্যে ধংস হৈছে ।
এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই । তীৰ-জুৱা শীঘ্ৰে বন্ধ কৰাৰ দাবীত আজি অসম জাতীয় দলে ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
অসম জাতীয় দলৰ সভাপতি ৰূপক দাস আৰু সম্পাদক অৰূপ দাস সহিতে এটা প্ৰতিনিধি দল মহকুমাধিপতিৰ কাৰ্যালয়লৈ গৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
- Log in to post comments
- 31 views