নগাঁও জিলাৰ আমনিৰ সমীপত ৰঙাগড়াত মঙলবাৰে নিশা সংঘটিত এক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰামতে, মঙলবাৰে লংকাৰ পৰা মটৰচাইকেলেৰে কলিয়াবৰ অভিমুখে অবৈধ প্ৰমিকৰ সৈতে গৈ থকা মহিলাগৰাকীক উৰিয়াগাঁও বাইপাছৰ সমীপত একেদিশৰ পৰা অল্ট' গাড়ীৰে অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে মটৰচাইকেলখনৰ চালক তথা লংকাৰ বিদ্যানগৰ নিবাসী ৰাকেশ ধৰক আগচি ধৰি আক্ৰমণ কৰাৰ লগতে মহিলাগৰাকীক গাড়ীত বলপূৰ্বকভাবে উঠাই লৈ যায় ।
গাড়ীখন আমনিৰ সমীপৰ ৰঙাগড়া পোৱাৰ পিছত কলংপাৰত চলন্ত গাড়ীতে চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি ৰাজপথৰ দাঁতিত পেলাই থৈ যায় ।
পিছত ধৰ্ষণৰ বলি হোৱা অসহায় মহিলাগৰাকী পথেৰে গৈ থকা এখন ট্ৰেংকাৰৰ সহযোগত স্থানীয় জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ আগত সমগ্ৰ ঘটনা অৱগত কৰে ।
জখলাবন্ধা আৰক্ষীয়ে মহিলাগৰাকীক জখলাবন্ধা এফ আৰ ইউত ভৰ্তি কৰোৱাৰ লগতে আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।
উল্লেখ্য, লংকাৰ "পুৰকায়স্থ" ধাবাত শ্ৰমিক হিচাপে নিয়োজিত মহিলাগৰাকীয়ে মঙলবাৰে নিশা নিজৰ কৰ্তব্য সমাপন কৰাৰ পিছত অবৈধ প্ৰমিক ৰাকেশৰ সৈতে মটৰচাইকেলৰে ফুৰিবলৈ বুলি কলিয়াবৰ অভিমুখে আহি আছিল ।
লংকাৰ পৰা আহি থকা অৱস্থাত আদবাটতে ৰেংবেঙত এখন চাহ দোকানত চাহ খাইছিল দুয়োৱে । তেতিয়াই অল্ট' গাড়ীৰে অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে মহিলাগৰাকীক অনুসৰণ কৰি আহি নগাঁৱৰ বাইপাছৰ সমীপৰ উৰিয়াগাঁও এলেকাত মটৰচাইকেলখনক আগচি ধৰি মহিলাগৰাকীক উঠাই লৈ গৈ এইদৰে অপকৰ্মত লিপ্ত হয় ।
ইপিনে প্ৰমিক ৰাকেশ ধৰো ঘটনাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছে । ধৰক আৰক্ষীয়ে এতিয়ালৈকে বিচাৰি পোৱা নাই । এই ঘটনাত মহিলাগৰাকীৰ অবৈধ প্ৰেমিকজন জড়িত থকাৰ সন্দেহ কৰিছে একাংশ সচেতন ৰাইজে । এই ঘটনাই সমগ্ৰ নগাঁও জিলাকে জোকাৰি গৈছে ।
- Log in to post comments
- 8 views