প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতি জনাই ৰঙিয়াৰ আৱৰ্ত ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।
পুৱা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বালনেৰে শ্ৰদ্ধাঞ্জলি জনায় কামৰূপ জিলাৰ সংঘ চালক নিতীশ শৰ্মাই । তাৰপিছতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, কৰ্মচাৰী পৰিষদ, বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় ।
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পিছতে অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতি কামনা কৰি ভাগৱত পাঠ, ভজন, বৰগীত পৰিবেশন কৰা হয় ।
বিয়লি তিনি বজাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত জলসিঞ্চন তথা ৰাজহমন্ত্ৰী ভৱেশ কলিতাই অটল বিহাৰীৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য প্ৰদান কৰে ।
অনুষ্ঠানটোত উপস্থিত থাকে মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, চক্ৰ বিষয়া এমিলি বৰুৱা, নিৰ্বাচনী বিষয়া ৰিপুঞ্জয় নাথসহ বিশিষ্ট ব্যক্তিসকল । সন্ধিয়া নাগাৰা নাম পৰিৱেশন কৰা হয় ।
- Log in to post comments
- 21 views