নগাঁৱত ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইন সন্দৰ্ভত সজাগতা সভা

নগাঁৱত ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইন সন্দৰ্ভত সজাগতা সভা

আজি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰেগিঙৰ ভয়াৱহতা তথা ৰেগিঙৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইনৰ ওপৰত আইন সেৱা প্ৰাধিকাৰীৰ সভাকক্ষত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।

উক্ত সজাগতা সভাত নগাঁও ছোৱালী মহাবিদ্যালয়, হাতীচোং মহাবিদ্যালয়, বটদ্ৰৱা মহাবিদ্যালয়, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তাসকলৰ লগতে ছাত্র-ছাত্রীকে ধৰি নগাঁৱৰ কেইবাগৰাকীও অধিবক্তাৰ উপৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷

উক্ত সজাগতা সভাখনিৰ আদৰণী ভাষন প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে ৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ৰেগিঙৰ ভয়াৱহতা আৰু ছাত্র-ছাত্রীসকলৰ অজ্ঞতাৰ দোষত এই অপসংস্কৃতিৰ দ্বাৰা একোগৰাকী ছাত্র-ছাত্রীৰ শিক্ষাৰ ভৱিষ্যৎ ধ্বস হয় ৷

সজাগতা সভাখনিত সমল ব্যক্তি হিচাপে যোগদান কৰে নগাঁৱৰ অতিৰিক্ত জিলা ন্যায়াধীশ অনিল শৰ্মা, ন্যায়িক দণ্ডাধীশ সুৰজিৎ বৰুৱা, ন্যায়িক দণ্ডাধীশ অভিজিৎ শইকীয়া, অধিবক্তা ক্ৰমে ৰূপালী গোস্বামী, মুকুল প্ৰসাদ বৰঠাকুৰ, শ্বাহনাজ চুলতানাই ৷

সভাত ৰেগিং প্ৰতিৰোধ আৰু প্ৰতিকাৰ আইন, ২০০৭ আৰু এই আইনৰ অধীনত দোষী ছাত্র-ছাত্রীৰ ওপৰত হ'ব পৰা শাস্তিমূলক ব্যৱস্থা তথা ভাৰতীয় দণ্ডবিধি আইনৰ আওতাত থকা বিভিন্ন শাস্তিমূলক ব্যৱস্থা, ৰেগিং সন্দৰ্ভত ইউ জি চিৰ দ্বাৰা প্ৰনয়ন কৰা নিয়মাৱলী তথা ৰেগিং প্ৰতিৰোধ সমিতি গঠন আৰু প্ৰক্ৰিয়াৰ ওপৰত ব্যাখ্যা দাঙি ধৰা হয় ।
 

Your Comments