নাৰায়ণপুৰত আজি পুৱা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ-দোৰপাং পথৰ জয়পুৰত নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীননাথ মিলিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অবৈধ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে ।
ধৃত অপৰাধীকেইটা হ'ল ধেমাজি জিলাৰ চিমেন চাপৰিৰ ৰাজীৱ দুৱৰা, দোৰপাং বালিপুখুৰীৰ দিগন্ত শইকীয়া আৰু মন্টু বৰা । এ এছ-০৭ এ চি-৫৭৫৬ নম্বৰৰ এখন টাটা এচি গাড়ীসহ ৭ বস্তা গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ।
২ কুইণ্টল ২ কেজি ওজনৰ উক্ত গাঞ্জাখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । বৰ্তমান তিনিও অপৰাধীকে অধিক তথ্যৰ বাবে নাৰায়ণপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে
- Log in to post comments
- 11 views