বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানখন আজি তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ।
অনুষ্ঠানত বৈদ্যগড় অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সদ্যঘোষিত হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয় ।

পুৱা বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ কলিতাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে । বৈদ্যগড় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভূপেন কলিতাই ছহিদ তৰ্পণ কৰে ।

বিশ্বজিৎ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানখন উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি গোলোক ৰাজবংশীয়ে ৷ 
তেখেতে উদ্বোধনী ভাষণত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে সামাজিক কৰ্মৰ জৰিয়তে আগবাঢ়ি যাবলৈ আহ্বান জনায় ।

বৰ্তমান সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা-দীক্ষা লৈও নিজৰ পিতৃ-মাতৃক পাহৰি যায় ।  ভাল শিক্ষা লৈ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ হৈ কাম কৰি যাবলৈও তেওঁ আহ্বান জনায় । মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক ছায়ামণি ভূঞাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে ইতিবাচক চিন্তাৰে আগঢ়াৰ লগতে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে ৷

ভিতৰুৱা অঞ্চলৰ পৰা অসমৰ একো একোটা সম্পদ সৃষ্টি হয় বুলি তেওঁ উল্লেখ কৰি লগতে কৃতিমান ছাত্ৰ-ছাত্ৰীসকল আমাৰ লগতে দেশৰ সম্পদ বুলি কয় । এখন সৰু গাঁৱৰ পৰা আহি আজি মহান অনুষ্ঠান এটাত কথা ক'বলৈ পাই গৌৰৱান্বিত বুলিও তেওঁ উল্লেখ কৰে ।

কুলধৰ শইকীয়াকে আদি কৰি বহুতো ভাল ভাল বিষয়া এই অঞ্চলৰ পৰাই সৃষ্টি হৈছে আৰু আজিৰ কৃতিমানসকলো এটা সময়ত ইয়াৰ পৰা গৈয়ে একোজন ভাল বিষয়া হ'ব বুলি তেওঁৰ বক্তব্যত কয় ।

ইণ্টাৰনেটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিদিনে নতুন নতুন শিক্ষা আহৰণ কৰিবলৈও তেওঁ আহ্বান জনায় । ভাল কামৰ চিন্তাৰে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।

অনুষ্ঠানত তুলসীবাৰী উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ অধ্যক্ষ লীনু বৰদলৈয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল আমাৰ মানৱ সম্পদ । ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি গৌৰৱ কৰোঁ ৷ তেওঁলোকৰ ভাল ফলাফলে আমাক আনন্দিত কৰে বুলিও তেওঁ ব্যক্ত কৰে ।

বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশীয়ে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যৎ দিনত শিক্ষা-দীক্ষা লোৱাৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ আহ্বান জনায় ।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে মানুহ হোৱাৰ বাবে আহ্বান জনায় । শিক্ষা-দিক্ষা লৈ ছাত্ৰ-ছাত্ৰীসকলে দেশ আৰু জাতিৰ প্ৰতি দায়বদ্ধ হ'বলৈও তেওঁ আহ্বান জনায় । সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে কয় যে বৰ্তমান ব্যৱসায়িক শিক্ষা ব্যৱস্থাই শিক্ষাৰ মানদণ্ড নিম্ন কৰিছে ।

শিক্ষাৰ মানদণ্ড উন্নত হ'লেহে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে । বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলক ভাল শিক্ষা, ভাল শিক্ষানুষ্ঠান, উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈও আহ্বান জনায় ।

অভিনন্দন অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে মোবাইলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে । বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণতকৈ মোবাইলত বেছি গুৰুত্ব দিয়াৰ ফলত শিক্ষা গ্ৰহণত প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে 'মই পাৰিম' এই আত্মবিশ্বাস লৈ আগবাঢ়িলে সফলতা আহিবই ।

ছাত্ৰ-ছাত্ৰীসকলে ঋণাত্মক মনোভাবেৰে কোনো কথা চিন্তা কৰিব নালাগে বুলিও তেখেতে কয় । অনুষ্ঠানটোত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰুবুল দাস, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকা, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, জিতু ডেকা, নিউটন কলিতা আদি কেইবাগৰাকীও ছাত্ৰ নেতা উপস্থিত থাকে ।

কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক গামোচা, সম্বৰ্ধনা-পত্ৰৰে অভিনন্দন জনোৱা হয় ।

Your Comments