আনন্দবজাৰ ষ্টেট বেংকৰ সেৱা কেন্দ্ৰত অসমীয়া ভাষাক ভেঙুচালি

আনন্দবজাৰ ষ্টেট বেংকৰ সেৱা কেন্দ্ৰত অসমীয়া ভাষাক ভেঙুচালি

ভাৰতীয় সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ ব্যৱস্থা অনুসৰি অসম বিধানসভাই ১৯৬০ চনৰ ২৪ অক্টোবৰত অসম চৰকাৰী ভাষা আইনখন গ্ৰহণ কৰিছিল ৷ লগে লগে অসমীয়া ভাষাই ৰাজ্যভাষা তথা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে ৷

সেই একেই বছৰৰ ১৭ ডিচেম্বৰত আইনখনত ৰাজ্যপালে সন্মতিসূচক স্বাক্ষৰ কৰাৰ পিছত ই আইনত পৰিণত হয় ৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথা এই যে ইয়াৰ পিছতো এচাম অসমীয়া বিদ্বেষী লোকৰ ষড়যন্ত্ৰত মাজে মাজে অসমীয়া ভাষাক এলাগী কৰাৰ অপচেষ্টা চলি অহা দেখা যায় ৷

তাৰেই এক উদাহৰণ হিচাপে ভাৰতীয় ষ্টেট বেংকৰ বৰপেটাৰোড শাখাৰ অন্তৰ্গত দূৰৱৰ্তী ছুট শাখাটোৰ নামফলকখনত অসমীয়া ভাষাক এলাগী কৰি ইংৰাজী আৰু বাংলা ভাষা লিখাত সচেতন মহলৰ চকু কপালত উঠিছে ৷

আনন্দবজাৰ ষ্টেট বেংকৰ সেৱা কেন্দ্ৰত অসমীয়া ভাষাক ভেঙুচালি

আনকি বিষয়টো সামাজিক মাধ্যম (ছ'চিয়েল মিডিয়া) আৰু সংবাদ মাধ্যমত প্ৰকাশ পোৱাত বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সেয়ে আজি বৰপেটাৰোড সাহিত্য সভা, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰপেটাৰোড আঞ্চলিক সমিতিয়ে ভাৰতীয় ষ্টেট বেংকৰ বৰপেটাৰোড শাখাৰ সহকাৰী শাখা প্ৰৱন্ধক আলোক ঝাক  সাক্ষাৎ কৰি পৃথকে পৃথকে স্মাৰক-পত্ৰ প্ৰদান কৰি এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায় ৷

লগতে এনে এটি স্পৰ্শকাতৰ বিষয় অনতিপলমে সমাধান কৰি উক্ত নামফলকখন তাৰপৰা আতঁৰাই অসমীয়া ভাষা ব্যৱহাৰ কৰি নতুন নামফলক দিয়াৰ দাবী জনায় ৷ আজিৰ এই প্ৰতিনিধি দলটোত আছিল অসম সাহিত্য সভাৰ সামাজিক মাধ্যমৰ প্ৰশাসক জয়ন্ত কুমাৰ দাস, বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰী আৰু সদস্য নৱ তালুকদাৰ, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰ্ণৱজ্যোতি শৰ্মা আৰু সদস্য মুজাহিদুল ইছলাম, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ ৰমেন দাস ৷

Your Comments