ছিপাঝাৰত পানীযোগান আঁচনিৰ পৰা পানীৰ সলনি ওলায় সাপ-বেং

ছিপাঝাৰত পানীযোগান আঁচনিৰ পৰা পানীৰ সলনি ওলায় সাপ-বেং

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে সুদীৰ্ঘ ২০ বছৰে বঞ্চিত হৈ থাকিবলগীয়া হৈছে এটি বৃহত্তৰ অঞ্চলৰ লোকসকল । ৰাইজে ২০ বছৰে মন্ত্ৰী, বিধায়ক তথা বিভাগীয় বিষয়াৰ ওচৰত তাঁতবাতি কাৰিছে এটুপি বিশুদ্ধ খোৱাপানী পাবলৈ ।

ৰাইজে ২০ বছৰে পালে কেৱল আশ্বাস । নাপালে কিন্তু বিশুদ্ধ খোৱাপানী । জনস্বাস্থ্য কাৰিকৰী বিভাগ, মঙলদৈ সংমণ্ডলৰ অধীনস্থ চেঙেলীয়াঝাৰ পানীযোগান আঁচনি সম্প্ৰতি ভূত বাংলোত পৰিণত হৈছে ।

ছিপাঝাৰত পানীযোগান আঁচনিৰ পৰা পানীৰ সলনি ওলায় সাপ-বেং

বিগত ২০ বছৰে মেৰামতিৰ অভাৱত বিকল হৈ পৰি আছে বিভাগটোৰ পানীযোগান আঁচনি । আঁচনিখনৰ পৰা পানী নোলায়, ওলায় সাপ, বেং, কেঁচু । এতিয়া হাবি-জংঘলে আগুৰি ধৰিছে ঘৰসমূহত ।

২০ বছৰে উক্ত আঁচনিখনৰ বাবে কৰ্মচাৰী নিয়োজিত হৈ আছে যদিও ঘৰতে বহি দৰমহা লৈ আহিছে কৰ্মচাৰীয়েও । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়াৰ দায়িত্বহীনতাৰ বাবে বিকল হৈ থকা আঁচনিখন মেৰামতিৰ নামত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সামান্য কাম কৰি আঁচনিৰ ধন ঠিকাদাৰে পকেটস্থ কৰাৰ বাবেই কাৰ্যক্ষম নহ'ল পানীযোগান আঁচনিখন ।

ছিপাঝাৰত পানীযোগান আঁচনিৰ পৰা পানীৰ সলনি ওলায় সাপ-বেং

চেঙেলীয়া, বাঘমাৰা, ঘোপেলী আদি গাঁৱৰ ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ বাবে স্থাপন কৰা আঁচনিখন পুনৰ ৰাইজে বিজেপি চৰকাৰক কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে ।

Your Comments