এগৰাকী অসহায় মহিলাক প্ৰয়োজন সহায়ৰ হাত !

এগৰাকী অসহায় মহিলাক প্ৰয়োজন সহায়ৰ হাত !

দৰং জিলাৰ ছিপাঝৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ উত্তৰচুবা গাঁৱৰ অকলশৰে বসবাস কৰা দৰিদ্ৰ মহিলা এগৰাগীৰ কৰুণ ছবি । মহিলাগৰাকীৰ নাম জোলেখা বেগম (৬৫) । দিন হাজিৰা কৰি কোনোৰকম পৰিয়াল চলাই থকা অশিক্ষিত পুত্ৰই মাতৃক কৰিব পৰা নাই আৰ্থিক সহায় ।

কিছুদিনৰ পৰা মহিলাগৰাকী হৈ পৰিছে মানসিক ৰোগত আক্ৰান্ত । মানসিক ৰোগত আক্ৰান্ত মহিলাগৰাকীক খোৱা-লোৱা, চিকিৎসা কৰিবলৈ নাই কোনো আপোন লোক । ঘৰৰ ভিতৰতে সদায় আবদ্ধ হৈ থকা বিধবা মহিলাগৰকীক চিকিৎসা প্ৰদান কৰিবলৈ ওলাই আহিল দুমুনিচকীৰ উত্তৰচুবা যুৱ পৰিষদ নামৰ স্বেচ্ছাসেৱী সংগঠনটো ।

গঠনটোৱে আজি পুত্ৰজনক লগত লৈ তেজপুৰ মানসিক চিকিৎসালয়ত মহিলাগৰাকীক ভৰ্তি কৰে । চিকিৎসালয়ত মহিলাগৰাকীক ভৰ্তি কৰালে যদিও পুত্ৰৰ হাতত মাতৃক চিকিৎসাৰ বাবদ খৰচ কৰিবলৈ নাই ফুটাকড়ি ।

সেয়ে মানৱতাৰ নিৰ্দশন আগবঢ়াই আমি সকলোৱে মহিলাগৰাকীক সুস্থ কৰি তুলিবলৈ সহায়ৰ হাত আগবঢ়াব নোৱাৰোঁনে ? আহক আমি সকলোৱে দুৰ্ভগীয়া মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহোঁ ।

ইচ্ছুকসকলে চেণ্ট্ৰেল বেংকৰ একাউণ্টছ নং ২২৬০৮১৩৬২৮, IFSC CBIN0282806 যোগে মহিলাগৰাকীক সহায় কৰিব পাৰে তথা ৯৮৬৪০-৮৫৬৬৮ যোগাযোগ কৰিব পাৰে ।

Your Comments