দিপীলাত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

দিপীলাত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

দিপীলাৰ ভকতপাৰাত উদ্ধাৰ হৈছে এটা ব-হৎ আকাৰৰ দুষ্প্ৰাপ্য কাছ । প্ৰাপ্ত তথ্যমতে, বুঢ়া আৰক্ষীয়ে নৈশ টহলৰ সময়ত মঙলদৈ- খৈৰাবাৰী পথৰ ভকতপাৰাত উদ্ধাৰ কৰে কাছটো ।

প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজনৰ কাছটো বুঢ়া আৰক্ষীয়ে পুৱতি নিশা থানালৈ নি পিছত দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পৰিচালনা সমিতি আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা সত্ৰখনলৈ অহা দৰ্শনাৰ্থীৰ উপস্থিতিত খটৰা সত্ৰৰ কাছ সংৰক্ষিত পুখুৰীত এৰি দিয়ে । 

দিপীলাত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

উল্লেখ্য যে যোৱাবৰ্ষত ৰাজাগড়ৰ এটি পৰিয়ালে পাহাৰত পোৱা ময়ূৰৰ দুটা কণী এটি পাটীহাঁহক উম দিয়াই পোৱালি জগাই প্ৰায় তিনিমাহ পোহপাল দি খটৰা সত্ৰত দুয়োটা ময়ূৰ চৰাই আগবঢ়াইছিল সংৰক্ষণৰ বাবে ।

আনহাতে, জিলাখনৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা শহাপহু, কাছ আদি এই সত্ৰখনত বিভিন্নজন ব্যক্তিয়ে আহি দি থৈ যায় । সেয়ে এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দৰ্শনাৰ্থীয়ে ৪৫০ বছৰ পূৰ্ব লেচাকোণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত খটৰা সত্ৰখন দৰ্শন কৰাৰ উপৰি সত্ৰখনত সংৰক্ষিত হৈ থকা বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, ময়ূৰ, শহাপহু আদি চাবলৈ ভিৰ কৰে ।
 

Your Comments