ধুহিত পথ মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ

ধুহিত পথ মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ

ধুহি চ'ক বজাৰ আৰু বাৰাংহাটী সংযোগী পথটি জৰাজীৰ্ণ হৈ থকাৰ ফলত বৃহত্তৰ ধুহি অঞ্চলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

এজাক বৰষুণতে পথটিত একাঁঠু পৰ্যন্ত পানী হোৱাৰ লগতে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱা বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । আজি ধুহি ছাত্ৰ সন্থাই পথটি মেৰামতিৰ দাবীত পথ অৱৰোধ কৰি গড়কপ্তানি বিভাগ হায় হায়, ৰাস্তা-ঘাট নিৰ্মাণ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ হায় হায় আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

ধুহিত পথ মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ

পথ অৱৰোধস্থলীত উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক হেমন্ত দাসে কয় যে পৰিৱৰ্তনৰ শ্লোগান আওৰাই চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে ৰাস্তা-ঘাট নিৰ্মাণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক ।

ধুহি চ'ক বজাৰ আৰু বাৰাংহাটী সংযোগী পথটো কেইবাবছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যথেষষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । স্থানীয় বিধায়কে কোনো গুৰুত্ব নিদিয়াৰ লগতে গড়কপ্তানি বিভাগৰ হেমাহিৰ বাবে পথটো জৰাজীৰ্ণ হৈ থাকিল ।

ধুহিত পথ মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ

সেয়ে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰ তথা গড়কপ্তানি বিভাগক শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ ক্ষেত্ৰত উপযোগী কৰি তোলাৰ বাবে দাবী জনায় ৷ অন্যথা ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও উল্লেখ কৰে ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা, সাঃ সম্পাদক নিউটন কলিতা, সহকাৰী সম্পাদক জয়ন্ত শৰ্মা, ৰাহুল আমিনসহ ভালেসংখ্যক ছাত্ৰকৰ্মী । 

পিছত ধুহি ছাত্ৰ সন্থাৰ সভাপতি মেহবুব আলম আৰু সাঃ সম্পাদক ৰিজবুল আহমেদ স্বাক্ষৰিত স্মাৰক-পত্ৰখন কঙা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে গড়কপ্তানি মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
 

Your Comments