নৰেন শৰ্মা,বাহাৰঘাট :
বিভিন্ন স্থানত একাংশ অসম আৰক্ষী আৰু ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি হৈ থকাৰ সময়তে শ্ৰমিকৰ দুখ -দুৰ্দশা সহিব নোৱাৰি তিনিদিন ধৰি ভোকে-লঘোনে যোৰহাটৰৰ পৰা খোজকাঢ়ি অহাৰ অন্তত ঘগ্ৰাপাৰ আৰক্ষীয়ে আজি গাড়ী ভাড়া কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।জানিব পৰা মতে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত এজন ঠিকাদাৰৰ অধীনত এই শ্ৰমিক সকলে কাম কৰিছিল। আৰু দেশৰ এই জৰুৰী অৱস্থাত তেওঁলোকক কামত মকৰল কৰা ঠিকাদাৰ জনেও কোনো দায়িত্ব গ্ৰহণ কৰা নাছিল। যাৰ ফলত এই শ্ৰমিক কেইজনে উপায়ন্তৰ হৈ খোজ কাঢ়িয়েই পশ্চিমবঙ্গৰ নিজ গৃহ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। তেনেকৈ যোৰহাটৰ পৰা প্ৰায় ৫০০কিলোমিটাৰ বাট খোজকাঢ়ি আহি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ পোৱাৰ পিছত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে তেওঁলোকক লগ পায়।
শ্ৰমিক সকলৰ পৰা সকলো অৱগত হোৱাৰ পিছত আৰক্ষী বিষয়া জনে এই শ্ৰমিক সকলৰ বেদনা উপলব্ধি কৰি ঘগ্ৰাপাৰৰ চক্ৰ বিষয়া নন্দিতা হাজৰিকাৰ লগত এই সম্পৰ্কে কথা পাতি "পুষ্পা" নামৰ এখন টুৰিষ্ট বাছ ঠিক কৰি শ্ৰমিক কেইজনক ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে। স্থানীয় ৰাইজে আৰক্ষী বিষয়াজনৰ এনে কাৰ্যৰ শলাগ লোৱাৰ বিপৰীতে ঠিকাদাৰজনৰ কাণ্ডক একেমুখে ধিক্কাৰ দিয়ে। আনহাতে ক'ৰোনা মহামাৰীৰ বাবে সমগ্ৰ ৰাজ্যখনতে আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ থকাৰ সময়ত ১৯ গৰাকীকৈ শ্ৰমিকে কেনেকৈ তিনিদন ধৰি দিনে নিশাই খোজকাঢ়ি আহিল সেয়াও লক্ষণীয় হৈ পৰিছে। উল্লেখ্য যে ইতিপূৰ্বেও আৰক্ষী বিষয়া পাটোৱাৰীয়ে ঘগ্ৰাপাৰ থানা এলেকাত তলাবন্ধৰ সময়ত প্ৰায় দুশৰো অধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰি দিন -ৰাতি একাকাৰ কৰি অঞ্চলটোৰ আইন শৃংখলা নিয়ন্ত্ৰণত বিশেষ অৰিহণা যোগোৱা বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।
- Log in to post comments
- 34 views