ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈ ১৯৪২ চনৰ ২৮ আগষ্ট তাৰিখে বৃটিছৰ আগমনৰ সংকেত দিবলৈ গৈ বাৰপূজীয়াত বৃটিছ সৈন্যবাহিনীৰ ধাৰাষাৰ গুলীবৰ্ষণত প্ৰাণ আহুতি দিয়া বীৰ ছহিদ তিলক ডেকাক মঙলবাৰে তেখেতৰ ৭৬সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে নগাঁও জিলাৰ হাতীচোংবাসী ৰাইজে ।
নগাঁও জিলাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান হাতীচোং তিলক সংঘৰ উদ্যোগত তথা উলুবাৰী-বেজৰচুক গাঁৱৰ সমূহ ৰাইজৰ সহযোগত আজি হাতীচোং কুঁৱাপাৰস্থিত হাতীচোং তিলক ডেকা স্মৃতি বিদ্যাপীঠ আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ছহিদগৰাকী ত্যাগ আৰু বলিদানক ৰোমন্থন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ।
কাৰ্যসূচীৰ অংশৰূপে পুৱা পতাকা উত্তোলনৰ অন্তত ছহিদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত সত্ৰীয়া সংস্কৃতিৰ সাধক নৰেশ্বৰ মহন্ত, হাতীচোং মৌজাৰ মৌজাদাৰ বিমল বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেশ মহন্ত, হাতীচোং তিলক ডেকা স্মৃতি বিদ্যাপীঠ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয়, সহকাৰী শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে উলুবাৰী-বেজৰচুক গাঁৱৰ শতাধিক ৰাইজে অংশ লৈ তিলক ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।
ইয়াৰ পাছতে বিদ্যালয় চৌহদত থকা তিলক ডেকাৰ ছহিদ বেদীতো সমূহ ৰাইজ সমবেত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰে । দিনৰ ১০ বজাৰ বজাৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
প্ৰতিযোগিতাত বৃহত্তৰ হাতীচোং অঞ্চলৰ কেইবা শতাধিক শিশুৱে ভাগ লয় । সন্ধ্যা ছহিদ বেদীত বন্তি প্ৰজ্জ্বালনৰ পাছত দেশপ্ৰেমমূলক গীত-মাত, নৃত্যকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ।
- Log in to post comments
- 470 views