গহপুৰ আৰু অৰুণাচল সংযোগী পথৰ দুয়োকাষে অতব্য জংঘলৰ সৃষ্টি হৈছিল । সেই ঠাইত জনবসতি পাতল হোৱা বাবে কোনো দুষ্ট লোকে অপৰাধমূলক কাম কৰাৰ সুবিধাজনক স্থল হিচাপে লোৱাৰ আশংকা আছিল ।
আজি সেই অতব্য জংঘলখিনি কাটিবৰ বাবে উপস্থিত হ'ল অনুসূচিত জাতি ছাত্র সন্থাৰ গহপুৰ আৰু বিশ্বনাথ জিলাৰ বিষয়ববীয়সকলৰ লগতে স্থানীয় সচেতন যুৱক । পথটোৰ দুয়োকাষে জংঘল কাটি পথছোৱা পৰিষ্কাৰ কৰে ।
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এই পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনায় ।
- Log in to post comments
- 5 views