কাজিৰঙাৰ উত্তৰ ৰেঞ্জ আৰু বিশ্বনাথ আৰক্ষীৰ যুটীয়া অভিযানত আজি চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ হৈছে গঁড়ৰ খৰ্গৰ বিক্ৰীৰ ধন । কাজিৰঙাৰ উত্তৰ ৰেঞ্জে চতিয়াৰ আদাভেটিৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী আব্দুল ৰচিদ ওৰফে লাঠিৱালাৰ পৰা যোৱা নিশা উদ্ধাৰ কৰে ৮৮ হেজাৰ নগদ ধন ৷ জানিব পৰা মতে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ শিলডুবিত ২৯ মে'ত সংঘটিত গঁড় হত্যাৰ সময়ত চিকাৰীক খাদ্যৰ যোগান ধৰা আৰু অস্ত্ৰ কঢ়িয়াই সহযোগ কৰাৰ বাবে আব্দুলে লাভ কৰিছিল নগদ একলাখ টকা ৷
সেই ধনৰাশিৰ পৰা ৮৮ হাজাৰ টকা আৰু দুখন বেংকৰ পাছবুক জব্দ কৰিছে কাজিৰঙাৰ উত্তৰ ৰেঞ্জে । বৰ্তমানলৈকে শিলডুবিৰ গঁড় হত্যাৰ লগত জড়িত ৮ জনক গ্ৰেপ্তাৰ কৰিছে বন বিভাগে ৷ উল্লেখ্য যে ২০১৫ চনৰ মে' মাহত এটা ৰাইফল আৰু ৩৫ জাই গুলিৰ সৈতে কাজিৰঙাৰ উত্তৰ ৰেঞ্জৰ হাতত গ্ৰেপ্তাৰ হৈছিল আব্দুল ৰচিদ ৷ সম্প্ৰতি সেই গোচৰ আদালতত চলি থকাৰ সময়তেই জামিনত মুকলি হৈ অহা আব্দুলে পুনৰ জড়িত হৈ পৰিছিল গঁড় হত্যাৰ লগত ৷ বন বিভাগৰ হাতত পুনৰ গ্ৰেপ্তাৰ বৰণ কৰা আব্দুলে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি বাৰে বাৰে জড়িত হৈ আহিছে গঁড় হত্যাত ৷
- Log in to post comments
- 18 views