জালখন লৈ গধুলিলৈ এসাঁজ গোটাবলৈ যোৱাটোৱেই কাল হ'ল আমগুৰি জয়ৰাম দাসৰ । সোমবাৰে বিয়লি জালখন লৈ ঘৰৰ পৰা ওলাই গৈছিল আমগুৰিৰ হালিৱাটিং থানাৰ অন্তগত বাউলি পুখুৰি শেনচোৱা গাঁৱৰ জয়ৰাম দাস নামৰ ৩০ বছৰীয়া যুৱকজন, যি গ’ল গ’লেই ঘৰলৈ আৰু ঘুৰি নাহিল জয়ৰাম । সৰুচিলা নদীৰ সোঁতত পৰি আকাল মৃত্যুক সাঁৱতি ললে জয়ৰামে । সোমবাৰে বিয়লি মাছলৈ বুলি ওলাই যোৱা ব্যক্তিজন আজি পুৱা পৰ্য্যন্ত ঘৰলৈ নহাত আজি স্থানীয় একাংশ লোকে বিচাৰ-খোচাৰ কৰাত আজি দুপৰীয়া সৰুচিলা নদীৰ যুঁৱলীত ব্যক্তিজনৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে । যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা লগে লগেই শোকৰ ছাঁ পৰে অঞ্চলটোত ৷
- Log in to post comments
- 24 views