ৰঙিয়াৰ স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ সমিতিৰ উদ্যাগত ৰঙিয়া মহাবিদ্যালয়ত কৰ্কট ৰোগীৰ সাহায্যাৰ্থে আজি সদৌ অসম ভিত্তিত একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হয় । পুৱা জনকল্যাণ সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি আনিছৰ ৰহমানে ।
বৃক্ষ ৰোপণ কৰে সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তৌফিকুৰ ৰহমানে ৷ ৰহমানে কয় যে জনকল্যাণ সমিতিয়ে কৰ্কট ৰোগীৰ সাহায্যাৰ্থে যি সচেতনামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে সেয়া আদৰণীয় ।
লগতে কয়, বৃক্ষ ৰোপণ কৰাৰ লগতে তাক প্ৰতিপালন কৰি ডাঙৰ কৰাৰ দায়িত্বও ৰঙিয়া মাহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰে ৷ বৃক্ষই প্ৰদূষণ ৰোধ কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰা বচাই ৰাখে ৷
সেয়েহে আমি অধিক বৃক্ষ ৰোপণ কৰি সমাজখনক প্ৰদূষণমুক্ত কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । আনহাতে, ধঁপাত সেৱন, পানী আৰু প্ৰদূষণৰ ফলতো কৰ্কট ৰোগ হোৱা পৰিলক্ষিত হয় বুলি ব্যক্ত কৰে ।
এই ক্ষেত্ৰত যুৱ সমাজক নিজ নিজ অঞ্চলত সজাগতামূলক সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । বৃক্ষ ৰোপণ কাৰ্যত ৰঙিয়া যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি কামাল আলী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শোভিত কুমাৰ কলিতাইও অংশগ্ৰহণ কৰে ।
ছহিদ তৰ্পণ কৰে ৰঙিয়া মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক নৱজ্যোতি কুমাৰে । স্মৃতি তৰ্পণ কৰে জনকল্যাণ সমিতিৰ সাঃসম্পাদক নাৰায়ণ দত্তই । ভাৰতৰত্ন গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সমাজকৰ্মী নৰেন্দ্ৰ শৰ্মাই ।
তেওঁ কৰ্কট ৰোগৰ সচেতনতা বৃদ্ধিৰ বাবে এনে অনুষ্ঠান আয়োজনৰ বাবে জনকল্যাণ সমিতিক ধন্যবাদ জনায় । লগতে কৰ্কট ৰোগৰ ক্ষেত্ৰত সচেতনতা অনাৰ বাবে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আগভাগ লোৱাৰ বাবে আহ্বান জনায় ।
একক অভিনয় প্ৰতিযোগিতা উদ্বোধন কৰে নিৰ্বাচন বিষয়া ৰিপুঞ্জয় নাথে । তেখেতে কয় যে কৰ্কট ৰোগে বহু ব্যক্তিৰ জীৱনলৈ জটিলতা নমাই আনিছে । বহু ব্যক্তিৰ ধঁপাত সেৱনৰ ফলত কৰ্কট ৰোগ হোৱাৰ লগতে কিছু কিছু ব্যক্তিৰ প্ৰদূষণৰ ফলতো এই ৰোগ হোৱা পৰিলক্ষিত হয় ।
এই ক্ষেত্ৰত জনকল্যাণ সমিতিয়ে সজাগতা অনাৰ যি প্ৰচেষ্টা লৈছে সেয়া শলাগিবলগীয়া বুলিও উল্লেখ কৰে ।
অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে ধঁপাত সেৱন কৰ্কট ৰোগৰ এক অন্যতম কাৰক ৷
আমাৰ প্ৰতিজন শিক্ষিত ব্যক্তিয়ে ইয়াৰ ওপৰত সচেনতা অনাৰ বাবে আগভাগ ল'ব লাগিব ৷ তেতিয়াহে কৰ্কট ৰোগৰ পৰা হাত সাৰিব পৰা যাব ।
একক অভিনয় প্ৰতিযোগিতাত ৰঙিয়া মহাবিদ্যালয়ৰ লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 40 views