বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী দৰ্শন ৰাভালৰ চিত্ৰ আঁঁকি নিজ হাতেৰে অৰ্পণ কৰিলে পূৰ্ণখুদুমৰ জ্যোতিৰ্ময় ডেকাই

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মানুহৰ বহুতো আশা থাকে আৰু সেই আশাত সফলতা লভিলে আনন্দিত হয় সকলো মানুহ৷তেনে এক আশা বুকুত বান্ধি লৈ আছিল ৰঙিয়া মহকুমাৰ অন্তৰ্গত পূৰ্ণখুদুম গাঁঁৱৰ জ্যোতিৰ্ময় ডেকা নামৰ এজন ছাত্ৰই।আশা আছিল বৰ্তমান বলীউডৰ জনপ্ৰিয় গায়ক দৰ্শন ৰাভালক নিজ হাতেৰে অংকন কৰি সেই চিত্ৰ শিল্পীগৰাকীক নিজ হাতে অৰ্পণ কৰাৰ৷অৱশেষত সেই সপোন সফল হ'ল৷১৯ ফেব্ৰুৱাৰীত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এটা সাংস্কৃতিক অনুষ্ঠানত শিল্পীগৰাকীয়ে অংশগ্ৰহণ কৰে৷উক্ত অনুষ্ঠানতে ছাত্ৰগৰাকীয়ে তেওঁৰ সপোনৰ শিল্পীগৰাকীক সাক্ষাৎ পাই চিত্ৰখন প্ৰদান কৰে৷শিল্পীগৰাকীয়ে তেওঁৰ হুবহু চিত্ৰখন দেখি ছাত্ৰগৰাকীক ধন্যবাদ জনায়।ছাত্ৰজন বৰ্তমানে উক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।

Your Comments