বঙাইগাঁও আই টি আইত অঘটন:শিক্ষকে শাৰীৰিকভাৱে অপদস্থ কৰিলে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনৰ বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ( আই টি আই)ৰ ভিতৰ চ'ৰাত সংঘটিত দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ দাবীত প্ৰতিষ্ঠানখনৰ ছাত্ৰ একতা সভাৰ আহ্বানত শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানখনত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে  বৃহস্পতিবাৰে  প্ৰতিষ্ঠানখনৰ এগৰাকী শিক্ষকে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গোপাল গোৱালাক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই ঘটনাৰ পিছতে শিক্ষাৰ্থীসকলে দুৰ্নীতি বন্ধ কৰক , অধ্যক্ষ হায় হায় , দাদাগিৰি নামানো , আমাক ন্যায় লাগিবই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

Pic

পিছত ঘটনাৰ খবৰ পাই এগৰাকী কাৰ্যবাহী দণ্ডাধীশসহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু শিক্ষাৰ্থীসকলক বুজাই -বঢ়াই পৰিস্থিতি শান্ত কৰে৷ লগতে প্ৰৱেশদ্বাৰৰ তলাও খুলি দিয়ে ৷ উল্লেখ্য যে বঙাইগাঁও আইটিআইৰ ছাত্ৰ একতা সভাই প্ৰতিষ্ঠানখনৰ ছাত্ৰ একতা সভাৰ পুঁজিৰ ধনৰ আয়- ব্যয়ৰ হিচাপৰ লগতে বিভিন্ন শিতানৰ হিচাপ ৰাজহুৱা কৰা,খোৱা পানীৰ সুব্যৱস্থা কৰা,ছাত্ৰাবাস আৰু ছাত্ৰীনিৱাসত ছাত্ৰ- ছাত্ৰীৰ থকাৰ ব্যৱস্থা গঢ়ি তোলা, শিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ সময়ত প্ৰয়োজন হোৱা সামগ্ৰীৰ যোগান ধৰা,অধ্যক্ষই দখল কৰি থকা ছাত্ৰীনিবাস ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়া আদি বিভিন্ন দাবী কৰ্তৃপক্ষৰ ওচৰত জনাই আহিছিল।কিন্তু প্ৰতিষ্ঠানখনৰ অধ্যক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত শেহতীয়াভাৱে ছাত্ৰ একতা সভাৰ আহ্বানত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী গ্ৰহণ কৰে।বিগত তিনিদিন ধৰি এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে শিক্ষাৰ্থীসকলে পুৱা প্ৰতিষ্ঠানখনত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিষ্ঠানখনৰ কাৰ্যালয় তথা শ্ৰেণী কোঠালৈ যোৱা মূল প্ৰৱেশদ্বাৰত তলা লগাই দি প্ৰতিবাদ অব্যাহত ৰাখে শিক্ষাৰ্থীসকলে।কিন্তু পুৱা ৮ঃ৩০ মান বজাত প্ৰতিষ্ঠানখনৰ শিক্ষক গোবিন্দ নাৰায়ণ দেৱ আৰু হৰমোহন চৌধুৰী আহি মূল প্ৰৱেশদ্বাৰৰ তলা খুলি দিবলৈ শিক্ষাৰ্থীসকলক দাবী-ধমকি প্ৰদান কৰে ৷ নহ'লে পিছত বিপদ হ'ব বুলিও কয় ৷ কিন্তু শিক্ষাৰ্থীসকলে প্ৰৱেশদ্বাৰৰ তলা খুলি দিবলৈ অমান্তি হোৱাৰ লগতে একাংশই নিজৰ মোবাইলৰ কেমেৰাৰে শিক্ষক দুগৰাকীৰ কথা- বতৰাবোৰ ৰেকৰ্ডিং কৰিবলৈ ধৰে।ইয়াতে ক্ষুদ্ধ হৈ পৰে শিক্ষক গোবিন্দ নাৰায়ণ দেৱ ৷ শিক্ষকজনে কোনে ৰেকৰ্ডিং কৰিবলৈ অনুমতি দিছে বুলি কৈ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গোপাল গোৱালাক গতিয়াই দিয়াৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰে ৷ শিক্ষকজনৰ এই কাৰ্যত জাঙুৰ খাই উঠে শিক্ষাৰ্থীসকল।লগে লগে শিক্ষকজনক ইয়াৰ জবাবদিহী নানা শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গোপাল গোৱালাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে আমি শান্তিপূৰ্ণভাৱে আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিছিলো ৷ কিন্তু শিক্ষক দুগৰাকীয়ে আহি আমাক প্ৰৱেশদ্বাৰ খুলিবলৈ দাবী- ধমকি দিয়ে।আমি ইয়াৰ মোবাইলযোগে ৰেকৰ্ডিং কৰিবলৈ ধৰাত মোৰ মোবাইলটো কাঢ়ি লৈ গৈ ভৰিৰে গচকি-গচকি ক্ষতিসাধন কৰে।লগতে শিক্ষক গোবিন্দ নাৰায়ণ দেৱে ছাত্ৰজনক প্ৰহাৰ কৰা বুলিও কয় ৷ শিক্ষক হৈ ছাত্ৰক কিয় প্ৰহাৰ কৰিব ? আমি এই বিষয়টো এৰি নিদিও।তদুপৰি,এই ঘটনাত ছাত্ৰী এগৰাকীও প্ৰহৃত হ'বলগীয়া হয় বুলি অভিযোগ কৰে ৷ মোবাইলটো শিক্ষক হৰমোহন চৌধুৰীয়ে ক্ষতি সাধন কৰা বুলিও অভিযোগ কৰে।আনহাতে,ঘটনা সন্দৰ্ভত ছাত্ৰী এগৰাকীয়ে কয় যে শিক্ষক গোবিন্দ নাৰায়ণ দেৱে যেতিয়া সাধাৰণ সম্পাদকজনক গতিয়াই দিছিলে তেতিয়া ছাত্ৰজন মোৰ গাত আহি পৰিছিল আৰু প্ৰহাৰ কৰাৰ সময়ত মোৰ গাতো লাগিছিল ৷গতিকে,আমি ইয়াৰ ন্যায় বিচাৰিছোঁঁ ৷ শিক্ষকজনক চাকৰিৰ পৰা নিলম্বিত কৰাৰ বাবেও দাবী জনায় ৷ লগতে আমি যি দাবী কৰি আহিছো তাৰ তদন্ত হ'ব লাগে বুুুুলিও কয়।উল্লেখ্য যে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰ আৰু ছাত্ৰীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে শিক্ষক গোবিন্দ নাৰায়ণ দেৱক আটক কৰি  উত্তৰ বঙাইগাঁঁও আৰক্ষী পহৰা চকীলৈ লৈ যায় ৷ ইফালে,ঘটনাৰ পিছতে প্ৰতিষ্ঠানখনত উপস্থিত হোৱা কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে শিক্ষাৰ্থীসকলক তেওঁঁলোকৰ অভিযোগসমূহ লিখিতভাৱে দিয়াৰ বাবে পৰামৰ্শ দিয়াৰ লগতে বুজাই প্ৰতিষ্ঠানখনৰ প্ৰৱেশদ্বাৰ খুলি দিয়ে ৷ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে প্ৰতিষ্ঠানখনৰ
হিচাপ-নিকাচ সম্পৰ্কীয় তথা অন্যান্য গুৰুত্বপূৰ্ণ নথি- পত্ৰসমূহও জব্দ কৰি নিয়ে ৷ কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ প্ৰকাশ কৰে ৷ ইপিনে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ৰাজু গোপালক ছাত্ৰ একতা সভাৰ পুঁজিৰ ধন আন কামত খৰচ কৰা বুলি ছাত্ৰ একতা সভাই কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে এয়া সঁচা নহয় আৰু এইটো মই হ'বলৈ নিদিও ৷ ছাত্ৰ- ছাত্ৰীৰ টকা তেঁওলোকৰ কামতে খৰচ কৰা হ'ব ৷ আনহাতে প্ৰতিষ্ঠানখনত থকা বিভিন্ন কাৰিকৰী শাখাত প্ৰয়োজনীয় সা- সামগ্ৰীৰ অভাৱ বুলি উঠা অভিযোগ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে যিখিনি সা- সামগ্ৰীৰ অভাৱ সেই সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষলৈ ইতিমধ্যে জনোৱা হৈছে ৷ তেওঁ শিক্ষকে ছাত্ৰক প্ৰহাৰ কৰা ঘটনাৰ সময়ত প্ৰতিষ্ঠানখনত উপস্থিত নাছিল বুলিও কয় ৷ উল্লেখ্য যে প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলে প্ৰশিক্ষণৰ সময়ত প্ৰয়োজন হোৱা সা- সামগ্ৰী কৰ্তৃপক্ষই যোগান নধৰা বুলি অভিযোগ কৰে ৷ সেইদৰে কম্পিউতাৰ   বিভাগৰ এটা কম্পিউটাৰৰ বাহিৰে বাকীবোৰ বেয়া হৈ আছে।দহজন শিক্ষাৰ্থীৰ মাজত এটা কম্পিউটাৰ ৷ অধ্যক্ষক এই বিষয়ে কলে ঘৰৰ পৰা লেপটপ লৈ আহিবলৈ কয় ৷ শ্ৰেণী কোঠাৰ ডেক্স ভঙা ৷ বহু সমস্যাৰে জৰ্জৰিত বৰ্তমান বঙাইগাঁও আই টি আই ৷  

 

Your Comments