ব্ৰহ্মপুত্ৰৰ ৰাক্ষসিনী চৰত অবৈধ বালি খনন বন্ধৰ দাবীত মুখ্যমন্ত্ৰী,বনমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কামৰূপ 'আছু'ৰ

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত সেউজ পাহাৰ আৰু নদীৰ পলসুৱা মাটিৰ অবৈধভাৱে খনন বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই অভিযোগ কৰি কয় যে ৰাজ্যখনত হৈ থকা অবাধ লুণ্ঠন আৰু অৰাজক পৰিস্থিতিয়ে দিনক-দিনে অৱনমিত কৰি আহিছে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাক। অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজ বিভাগটো চলাই নিয়াত যি নীতি আৰু কৰ্মনিষ্ঠাৰ কথা সময়ে সময়ে দোহাৰি আহিছে,সেই সময়তে তেওঁৰ বিভাগৰ একাংশ বন বিভাগে চৰকাৰী নীতি-নিৰ্দেশনাক নেওচি চলায় আহিছে সেউজীয়া পাহাৰ , নদীৰ বুকুত বালিৰ অবৈধ খনন ৷ বন বিভাগৰ এচাম বিষয়া কৰ্মচাৰীৰ কমিচনৰ অংক মিলাই দিনক-দিনে বাঢ়ি অহা এনেধৰণৰ বালিৰ অবৈধ খননে ক্ৰমে ভাবুকি আনিবলৈ ধৰিছে পৰিৱেশ পৰিপাৰ্শ্বিকতালৈ ৷ শেহতীয়াভাৱে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ পূব বংশৰ মৌজাৰ ৰাসক্ষসিনী চৰ , পুঠিমাৰী নদীৰ হাজো , সোণেশ্বৰ , মিৰ্জাৰ মালিৱাতা পাহাৰ , বামুন্দীৰ ব্ৰহ্মপুত্ৰ বালিচৰ আদিত এচাম অসাধু মাফিয়া চক্ৰই দিনটোৰ ২৪ ঘণ্টাই অহৰহ খনন কাৰ্য চলি থকাৰ ফলত ধূলিময় পৰিৱেশৰ সৃষ্টি কৰি মানুহৰ যাতায়তত কৰিব নোৱাৰা অৱস্থা হৈছে বুলি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই অভিযোগ কৰি লগতে কয় যে দিনে - নিশাই খনন কাৰ্য চলি থকাৰ ফলত মাটি কঢ়িওৱা ডাম্পাৰ দৌৰাত্ম্য বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজৰশ অতিষ্ঠ হৈ পৰিছে ৷ ইতিমধ্যে ডাম্পাৰসমূহ তীব্ৰ গতিত চলোৱাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ একাংশ আৰক্ষী প্ৰশাসনৰ সহযোগত এনেদৰেই এচাম দুষ্টচক্ৰই অবৈধভাৱে খনন কাৰ্য চলাই চৰকাৰী নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰিছে বুলি কয় ৷ স্মাৰকপত্ৰ প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে কয় যে কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্য্যালয় আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষৰ নাতিদূৰতেই ব্ৰহ্মপুত্ৰ বালিচৰৰ লগতে বিভিন্ন সেউজ পাহাৰত দিনে - নিশাই অবৈধ খনন চলি আছে।যাৰফলত ছাত্ৰ - ছাত্ৰী,সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভুগিব লগা হৈছে তীব্ৰ বেগী ডাম্পাৰৰ চলাচলে ব্যস্ত ৰাজপথত যাতায়ত কৰাত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ তেওঁ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক কামৰূপ জিলালৈ আহি বিশেষকৈ জালুকবাৰী সমষ্টিত এই অবৈধ খনন বন্ধ কৰিবলৈ দাবী আৰু প্ৰত্যাহ্বান জনোৱাৰ লগতে এই অবৈধ খনন কাৰ্যত জৰিয়ত এচাম চৰকাৰী বন বিষয়া , কৰ্মচাৰী , আৰক্ষী প্ৰশাসনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

Your Comments