বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ ধৰ্ণা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাৰ পাৰ্শ্বৱৰ্তী অনাবড়ো অধ্যুষিত গাঁও বি টি এ ডিৰ পৰা কৰ্তন কৰি বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰা আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত কোনো অঞ্চল বি টি আৰত অন্তৰ্ভুক্ত নকৰাৰ দাবীত বৃহস্পতিবাৰে বঙাইগাঁও জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে অভিযান্ত্ৰিক কাৰখানৰ সন্মুখত পুৱা ১১ বজাৰ পৰা ৰূপায়ণ কৰা তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপৰোক্ত দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে হাতে-হাতে বিভিন্ন প্লেকাৰ্ডলৈ অবড়ো গাঁওসমূহ বি টি এ ডিৰ পৰা কৰ্তন কৰক, নিউ বঙাইগাঁও ৰে'লৱে কাৰখানা বিটিআৰত অন্তৰ্ভুক্ত কৰা নচলিব, বি টি চি - বি টি আৰ বাই বাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ ইফালে, মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত জিলা সমিতিৰ সভাপতি হিতেশ সিংহ আৰু সাধাৰণ সম্পাদক জয়ন্ত সিংহই উল্লেখ কৰা মতে বিগত ২০০৩ চনত বি টি চি গঠনৰ সময়ত নীতি বহিৰ্ভুতভাৱে বঙাইগাঁও জিলাৰ বহু অবড়ো অধ্যুষিত গাঁও ( কোচ ৰাজবংশী বসতি প্ৰধান ) বি টি চিৰ অন্তৰ্ভুক্ত কৰি লৈছিল ৷ তদুপৰি,বঙাইগাঁও জিলাৰ পাৰ্শ্বৱৰ্তী আন বহু গাঁও একেদৰেই বি টি চিৰ অন্তৰ্ভুক্ত কৰি লৈছিল ,যিবোৰ গাঁৱত ৫০ শতাংশতো বাদেই বৰং একেবাৰে বড়ো জনগোষ্ঠীৰ লোকৰ বসতি শূন্য আছিল ৷ উক্ত অঞ্চলসমূহৰ জনসাধাৰণে আজিও বি টি চিৰ পৰা মুক্ত হোৱাৰ বাবে আইনী তথা ৰাজনৈতিকভাৱে যুঁজ দি আছে ৷ শেহতীয়াকৈ ২৭ জানুৱাৰীত সম্পন্ন হোৱা বি টি আৰ চুক্তি অনুযায়ী একেলেথাৰীয়ে থকা বি টি চি ( প্ৰস্তাৱিত বি টি আৰ)ৰ অবড়ো বসতিপ্ৰধান গাঁওসমূহ বি টি চি ( প্ৰস্তাৱিত বি টি আৰ)ৰ পৰা কৰ্তন কৰাৰ ব্যৱস্থা নিৰ্দ্ধাৰিত হৈছে ৷ সেয়ে বঙাইগাঁও জিলাৰ সীমান্তত বি টি চিৰ অন্তৰ্ভুক্ত হৈ থকা তেনে গাঁওসমূহ কৰ্তন কৰি এই সমস্যাটো সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় ৷ স্মাৰক-পত্ৰত জিলা সমিতিয়ে লগতে উল্লেখ কৰে যে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত বৰ্তমানৰ বি টি চিৰ সীমা বৃদ্ধি কৰি নতুন জিলা গঠনৰো ব্যৱস্থা ৰখা হৈছে।সেয়ে এই ক্ষেত্ৰত যিকোনো ব্যৱস্থাৰ জৰিয়তে যাতে বি টি চি (৷প্ৰস্তাৱিত বি টি আৰ )ৰ এলেকা বৃদ্ধিৰ নামত বঙাইগাঁও জিলাৰ কোনো অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত কৰা নহয়,তাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত দাবী জনায় ৷ উল্লেখ্য যে স্মাৰক-পত্ৰত জিলা সমিতিয়ে বি টি চি ( প্ৰস্তাৱিত বি টি আৰ )ৰ পৰা মুঠ ৫২ খন গাঁও কৰ্তন কৰাৰ বাবে দাবী জনোৱাৰ লগতে কৰ্তন কৰিবলৈ দাবী জনোৱা গাঁওসমূহৰ নামো উল্লেখ কৰিছে ৷ সেই অনুসৰি চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্ব ভাদ্ৰাগাঁও প্ৰথম খণ্ড , পূৰ্ব ভাদ্ৰাগাঁও দ্বিতীয় খণ্ড,ভূমেশ্বৰ পাহাৰ ,কামানডাংগা ,কাকৰাগাঁও,ৰাভাপাৰা, পেটেলাগাঁও,শিমলাগুৰী,ভেৰভেৰী, বিজয়াগাঁও,নিচিনাপাৰা,উলুবাৰী, খাঠালপাৰা, নেহালগাঁও,শাকাতি ভাটিপাৰা,শাকাতি উজানপাৰা, ফুলগুৰী, ভুটকুৰা, হেকাইপাৰা, কচুদোলা, বাসুগাঁও, ভূটীয়াপাৰা, গোগলাপাৰা, ভদেয়াগুৰী, খুচুলুপাৰা, চাপাগুৰী প্ৰথম খণ্ড , চাপাগুৰী দ্বিতীয় খণ্ড আৰু বাটাগাঁওসহ মুঠ ২৮ খন গাঁও , কোকৰাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লালকুৰা প্ৰথম খণ্ড ,লালকুৰা দ্বিতীয় খণ্ড ,গাৰোখুটা, দেংদবা ,কামাৰপাৰা, শিলজানী, শ্বহৰপুৰ, শ্যামৰাইপাৰা ,গৌৰাংটাৰী, কাঠলগুৰী, শিলকাটাৰী প্ৰথম খণ্ড, শিলকাটাৰী দ্বিতীয় খণ্ড, নয়াচাৰা প্ৰথম খণ্ড, নয়াচাৰা দ্বিতীয় খণ্ড , নয়াচাৰা তৃতীয় খণ্ড , নয়াচাৰা চতুৰ্থ খণ্ড , নয়াচাৰা পঞ্চম খণ্ড আৰু নিগমঘোলাসহ মুঠ ১৪ খন গাঁও আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত শিয়ালমাৰী ,ডাঙাইগাঁও, কাছডোবা , কুমৰগাঁও , নদীয়াপাৰা, বিজনী টাউন , পুৰাণ বিজনী , সুপাৰিগুৰী, গাছগুৰী, বৰবাখাৰা, আলুখুন্দা , মোনাকোচা আৰু পালেংবাৰীসহ মুঠ ১৩ খন গাঁও কৰ্তনৰ দাবী জনাইছে ৷ ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ত্ৰৈলোক্য ৰায় , উপদেষ্টা ত্ৰিদীপপতি সিংহ, সংগঠনটোৰ জিলা সমিতিৰ বিষয়ববীয়া, কৰ্মীসকলৰ লগতে , কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় ,অবিচি ৰে'লৱে এমপ্ল'য়িজ ইউনিয়নৰ সভাপতি ভৱেন ৰায় আদিয়েও অংশ লয় ৷ প্ৰণৱ কুমাৰ ডেকা বঙাইগাঁও//20 9435243911

Your Comments